খেল

May 14, 2024 8:52 PM

views 51

গুৱাহাটীৰ বৰ্ষাপাৰাত হ’বলগীয়া আই পি এলৰ মেচৰ বাবে যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ আৰু ১৯ মে'ত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেল দুখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ আহ-যা...

May 14, 2024 8:50 PM

views 63

গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজৰ খেলখনৰ বাবে যাৱতীয় প্রস্তুতি সম্পূর্ণ

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজত হ'বলগীয়া খেলখনৰ বাবে যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। পাঞ্জাব কিংছৰ দলটো দেওবাৰে গুৱাহাটীলৈ অহাৰ বিপৰীতে ৰাজস্থান ৰয়েলছ কালি বিয়লি গুৱাহাটীত আহি উপস্থিত হয়। আজি দুয়োটা দলেই বর্ষাপাৰাৰ ষ্টেডিয়ামত অনুশীলন...

May 14, 2024 8:36 PM

views 66

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটি ইটালিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পৰা বাহিৰ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটিটো ইটালিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু এবডেনৰ যুটিটো আজি প্রি-কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ ছিম’ন ব’লেলি আৰু এন্ড্রিয়া ৱাৱাচ্ছৰিৰ হাতত ২- ৬, ৪-৬ পোনপটীয়া ছেটত পৰাজিত...

May 14, 2024 6:18 PM

views 47

আই পি এলত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু দেলহী কেপিটেলছ মুখামুখি, গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেল পৰিত্যক্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দেলহী কেপিটেলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খেলখন বৰষুণৰ বাবে এটাও বল ...

May 14, 2024 11:49 AM

views 38

এল’ডা কাপ প্রতিযোগিতাৰ উদ্বোধনী দিনটোত জয়েৰে ভাৰতীয় বক্সাৰৰ অভিযান আৰম্ভ

ভাৰতীয় বক্সাৰসকলে কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত চলিত বৰ্ষৰ এল'ডা কাপ প্রতিযোগিতাৰ উদ্বোধনী দিনটোত জয়েৰে অভিযান আৰম্ভ কৰিছে। মহিলাৰ ৫২ কিল'গ্রাম ওজন শাখাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন নিখত জৰিনে আয়োজক দেশৰ ৰাখীম্বার্দি ঝানছায়াক ৫-০ গেমত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়। ইপিনে মহিলাৰ ৪৮ কিল'গ্রা...

May 14, 2024 11:44 AM

views 69

আই পি এলত গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেল পৰিত্যক্ত ঘোষণা

গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আই  পি এল ক্রিকেট প্রতিযোগিতাৰ খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা  কৰাত গুজৰাট দলটো প্ৰতিযোগিতাৰ প্লেঅফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। খেলখন পৰিত্যক্ত ঘোষণা কৰাত কলকাতা আৰু গুজৰাট উভয় দল...

May 14, 2024 11:39 AM

views 60

ৰোহন বোপন্না-মেথিউ এবডেন ইটালিয়ান অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ইটালিয়ান অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে কালি প্ৰতিযোগিতাৰ এখন খেলত ইটালীৰ ফ্ৰান্সেস্ক' পাছাৰ' আৰু মাতেঅ' অর্নান্ডিক ৬-২, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। দ্বিতীয় বাছনিপ্ৰাপ...

May 13, 2024 6:12 PM

views 45

আই পি এলত আজি কলকাতা নাইট ৰাইদাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীর্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইদাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আনফালে, যোৱা নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহী কেপিটেল...

May 13, 2024 6:09 PM

views 48

৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাৰ পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জন

আসন্ন পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাই অংশগ্রহণ কৰিব। ইয়াৰে ভিতৰত ৫ গৰাকী মহিলা মল্লযোদ্ধা আছে। অমন ছহৰাবট আৰু নিশা দাহিয়াই তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত বিশ্ব অলিম্পিক মল্লযুদ্ধ কোৱালিফায়াৰ প্ৰতিযোগিতাত ভাৰতৰ ক'টাৰ সংখ্যা ৬ লৈ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে ৱিনেশ ফ'গাটে ৫০ কিলোগ্রাম, অন্তিম পংঘালে...

May 13, 2024 11:30 AM

views 58

গুৱাহাটীত হ’বলগা আই পি এল খেলৰ বাবে আজি উপস্থিত হ’ব ৰাজস্থান ৰয়েলছৰ খেলুৱৈ

গুৱাহাটীত অনুষ্ঠিত হ'বলগা দুখনকৈ আই পি এল খেলত অংশ লোৱাৰ বাবে আজি মহানগৰীত ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল উপস্থিত হ'ব। বিয়লি ৪ বাজি ৪৫ মিনিটত বৰঝাৰ বিমান বন্দৰত দলটোৰ বিশেষ বিমানে অবতৰণ কৰিব। ইফালে কালি আবেলি পঞ্জাব কিংছ দলো গুৱাহাটীত উপস্থিত হৈছে। আজি পঞ্জাব কিংছৰ খেলুৱৈসকলে বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়...