আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।
উল্লেখযোগ্য যে আই পি এলত ছানৰাইজাৰ্ছ হায়দাবাদ আৰু গুজৰাট টাইটানছৰ মাজত কালিৰ খেলখন বৰষুণৰ বাবে টছ নোহোৱাকৈয়ে পৰিত্যক্ত ঘোষণা কৰা হয়। ফলত হায়দাবাদ দলটো প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰে। প্লে অফ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিম স্থানৰ বাবে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে।
Assamese | May 17, 2024 4:50 PM | Cricket | IPL | IPL 2024
আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম মুম্বাই ইণ্ডিয়ানছ