আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রতিযোগিতাত প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছৰ মাজত কালি হ’বলগীয়া খেলখন বৰষুণৰ বাবে টছ নোহোৱাকৈয়ে পৰিত্যক্ত ঘোষণা কৰাত হায়দৰাবাদ দলটো প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰে। প্লে অফ পৰ্যায়ৰ চতুৰ্থ তথা অন্তিম স্থানৰ বাবে ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে।
Assamese | May 17, 2024 12:28 PM | IPL Cricket
আই পি এল ক্রিকেটত আজি ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ