ভাৰতৰ বিক্ৰান্ত মাল্লিকে পৰ্টুগালৰ লিছবনত অনুষ্ঠিত মিটিং সিডেড দি লিছবোৱা ২০২৪ এথলেটিকছ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্র’ত খিতাপ অৰ্জন কৰিছে। বিক্রান্তে নিজৰ তৃতীয় প্ৰয়াসত ৮০.৩০ মিটাৰ দলিয়াই এই খিতাপ অৰ্জন কৰে। ২৮ বছৰীয়া মাল্লিকে প্ৰথম আৰু দ্বিতীয় প্ৰয়াসত ক্ৰমে ৭১.৭৩ আৰু ৭৪. ২৩ মিটাৰ দলিয়াই নিজৰ শিতানত আধিপত্য বৰ্তাই ৰাখে। ইপিনে পুৰুষৰ শ্ব’টপুটত ভাৰতৰ ধনবীৰ সিঙে দ্বিতীয় স্থান দখল কৰে। পুৰুষৰ হেমাৰ থ্ৰ’ত ধনমিত সিঙে ৬৫. ৯৪ মিটাৰ দলিয়াই তৃতীয় স্থানত থাকে ।
Assamese | May 19, 2024 1:31 PM | Javelin Throw
পৰ্টুগালৰ লিছবনত অনুষ্ঠিত প্রতিযোগিতাত পুৰুষৰ জেভলিন থ্র’ত ভাৰতৰ বিক্ৰান্ত মাল্লিকৰ খিতাপ অৰ্জন