আঞ্চলিক সংবাদ

December 2, 2025 9:59 PM

views 32

বজালীত অসম দৰ্শন আঁচনিৰ চেক বিতৰণ মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলাইছে বুলি আজি বজালীত মন্তব্য কৰে। অসম দৰ্শন আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ জনহিতৈষী আঁচনিসমূহৰ বিষয়ে উল্ল...

December 2, 2025 9:55 PM

views 38

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰক সহমর্মিতাৰে বিবেচনা কৰিবলৈ ৰাজ্যসভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ আহ্বান

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোও কেন্দ্ৰীয় চৰকাৰক সহমর্মিতাৰে বিবেচনা কৰিবলৈ আজি ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান জনায়। শ্রীবৈশ্যই কয় যে এই ছটা জনগোষ্ঠী অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু সেয়েহে জনজাতিকৰণৰ সকলো যোগ্যতা তেওঁলোকৰ আছে। বিৰোধী দল কংগ্ৰেছে সাংসদজনৰ এই বক্তব্যৰো তীব্ৰ ব...

December 2, 2025 9:52 PM

views 34

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ত বিৰোধী পক্ষৰ প্ৰতিবাদত সংসদৰ কার্যক্রমণিকা ব্যাহত

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ লগে লগে বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ...

December 2, 2025 9:49 PM

views 37

চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান সন্দৰ্ভত জিলাসমূহৰ আয়ুক্তৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূর্ণ বৈঠক

চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান সন্দৰ্ভত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। জনগোষ্ঠীটোৰ লোকসকলক কি পদ্ধতিৰে ভূমি হস্তান্তৰ কৰা হ'ব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট জিলাসমূহৰ আয়ুক্তসকলক নিৰ্দেশনা দিয়াৰ সম্ভাৱনা আছে। এই বৈ...

December 2, 2025 9:38 PM

views 31

গ্রাম্য অর্থনীতিক সবল কৰি তোলাৰ উদ্দেশ্যে সমবায় খণ্ডত বিগত চাৰি বছৰত চৰকাৰৰ কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্ৰহণ

গ্রাম্য অর্থনীতিক সবল কৰি তোলাৰ উদ্দেশ্যে সমবায় খণ্ডত চৰকাৰে বিগত চাৰি বছৰত কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। লোকসভাত আজি প্রশ্নোত্তৰ কালত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় সমবায় ৰাজ্য মন্ত্ৰী মুৰলীধৰ মহলে কয়, যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে সমবায় সমিতিসমূহক শক্তিশালী কৰাৰ উদ্দেশ...

December 2, 2025 8:07 PM

views 56

বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস পালন

আজি অসম দিৱস। বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বৰ্গদেউ চাওলুং চ্যুকাফাক সুঁৱৰি সামাজিক মাধ্যমত এটা বিশেষ বার্তা প্ৰকাশ কৰিছে। চাওলুং চ্...

December 2, 2025 8:05 PM

views 50

অসম আৰক্ষী আৰু গৃহ বিভাগৰ ৫,৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক কাইলৈ নিযুক্তি-পত্ৰ

অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫ হাজাৰ ৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক কাইলৈ নিযুক্তি-পত্ৰ প্ৰদান কৰা হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কাইলৈ দিনৰ ১১ বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্ৰসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আ...

December 2, 2025 7:51 PM

views 30

দৰঙৰ খাৰুপেটীয়াত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত অনন্ত বিশ্বাস নামৰ এজনক আটক

দৰং জিলাৰ অন্যতম ব্যৱসায়িক নগৰ- খাৰুপেটীয়াত যোৱা নিশা সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দৰং আৰক্ষীয়ে নগৰখনৰ গোপাল নগৰস্থিত অলংকাৰ বিক্ৰী প্ৰতিষ্ঠান- প্ৰমীলা জুৱেলাৰীৰ স্বত্বাধিকাৰ অনন্ত বিশ্বাসক আটক কৰিছে। দৰঙৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনো...

December 2, 2025 7:49 PM

views 36

তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থাৰ অৱসান ঘটাবলৈ কেন্দ্ৰীয় শিক্ষামন্ত্রীক আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

তেজপুৰ বিশ্ববিদ্যালয়ত যোৱা প্ৰায় দুমাহ ধৰি সৃষ্টি হোৱা অচলাৱস্থাৰ অৱসান ঘটাবলৈ সাংসদ অজিত কুমাৰ ভূঞাই আজি ৰাজ্যসভাত কেন্দ্ৰীয় শিক্ষামন্ত্রীক আহ্বান জনায়। তেওঁ কয় যে ১৯৯৪ চনৰ সংশ্লিষ্ট আইনৰ অধীনত প্ৰতিষ্ঠা হোৱা এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত সংঘটিত বিভিন্ন অনিয়ম সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ ছাত্...

December 2, 2025 7:47 PM

views 58

সংসদত মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক-২০২৫ গৃহীত

সংসদত আজি মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কখনে ২০১৭ বৰ্ষৰ সামগ্ৰী আৰু সেৱা কৰ আইনৰ সংশোধন ঘটাব। তদুপৰি বিধেয়কখনে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী অধ্যাদেশ ২০২৫ৰো স্থান ল'ব। আজি ৰাজ্যসভাত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে এই বিধেয়কখন উত্থাপন কৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।