আঞ্চলিক সংবাদ

December 3, 2025 8:57 PM

views 37

আজিৰে পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে আজিৰে পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ অনুষ্ঠিত হৈছে। দুদিনীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লৈছে। আজি পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত পুৱা পাঁচ বজাত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহো...

December 3, 2025 8:55 PM

views 40

গুৱাহাটী পৌৰ নিগমৰ শিবিৰ মুকলি

গৃহ নিৰ্মাণৰ অনুমতি আৰু ভূমি দখলৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে আজি গুৱাহাটী পৌৰ নিগমে এটা শিবিৰ মুকলি কৰে। এখন সংবাদমেলত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে ৩১ ডিচেম্বৰলৈ মুকলি থাকিবলগীয়া এই শিবিৰত ৰাইজে সহজে গৃহ নিৰ্মাণৰ অনুমতি আৰু ভূমি দখলৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব। পুৰ্বে এনে প্ৰমাণপত্ৰ লাভ কৰাৰ ক...

December 3, 2025 8:48 PM

views 35

বৰপেটাত আজিৰে পৰা চতুৰ্থ ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা

বৰপেটাত আজিৰে পৰা চতুৰ্থ ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলা অনুষ্ঠিত হৈছে। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে আজি বৰপেটা পৌৰ সভা খেলপথাৰত অনুষ্ঠিত এই গ্ৰন্থমেলা আৰু বিশিষ্ট উদ্ভাৱনক উদ্ধৱ ভড়ালীয়ে বিজ্ঞান মেলা উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুম...

December 3, 2025 8:43 PM

views 42

আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস। বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণ, সমৰ্পন তথা তেওঁলোকৰ সাহসৰ প্রতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিস্থ...

December 3, 2025 8:31 PM

views 42

নাগালেণ্ডৰ কোহিমাৰ কিচামা গাঁৱৰ হৰ্ণবিল মহোৎসৱস্থলীত অগণন লোকৰ সমাগম

লোকনৃত্য, থলুৱা খাদ্য সম্ভাৰ আৰু সুৰীয়া সংগীতেৰে উখল মাখল হৈ পৰা নাগালেণ্ডৰ কোহিমাৰ কিচামা গাঁৱৰ হৰ্ণবিল মহোৎসৱস্থলীত আজিও বহু লোকৰ সমাগম হয়। নগা যুৱক-যুৱতীৰ আকৰ্ষণীয় লোকনৃত্য পৰিবেশন আৰু দেশ-বিদেশৰ শিল্পীসকলৰ গীতে উপস্থিত জনসাধাৰণক আপ্লুত কৰিছে। জনজাতীয় নৃত্য-গীতে উৎসৱমুখৰ কৰি তোলা এই স্থান বিভ...

December 3, 2025 8:27 PM

views 34

জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন দিবলৈ সাংসদ গৌৰৱ গগৈৰ আহ্বান

বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে লোকসভাত আজি জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়। ইয়াৰ লগতে তেওঁ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত কৰিবলৈ দাবী তোলে। যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত অনুষ্ঠান কৰিবলৈ গৈ কিদৰে কিংবদন্তি শিল্পীগৰাকীৰ মৃত্যু হ’ল সেই ...

December 3, 2025 8:17 PM

views 38

অসম আৰক্ষী, গৃহ বিভাগৰ ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান

অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫,৮১৮ গৰাকী বাছনি লাভ কৰা প্ৰাৰ্থীক আজি নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্ৰসমূহ প্ৰদান কৰে । অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি প্ৰদানৰ ...

December 3, 2025 4:22 PM

views 48

প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা ৩০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব

-ৰাজ্যৰ অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা ৩০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব। এই হিতাধিকাৰীসকলে শীঘ্ৰেই ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫০ টকাকৈ ৰাজ সাহায্য অসম চৰকাৰৰ পৰা লাভ কৰিব। উল্লেখযোগ্য যে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰ বৰ্তমান একোটা পৰিয়ালে ৰাজ সাহায্যসহ ...

December 3, 2025 4:18 PM

views 34

কামৰূপী লোকগীতৰ যশস্বী শিল্পী ৰামেশ্বৰ পাঠকৰ পূণ্য তিথি পালন

ৰাজ্যৰ বিভিন্ন অংশত আজি কামৰূপী লোকগীতৰ যশস্বী শিল্পী ৰামেশ্বৰ পাঠকৰ পূণ্য তিথি পালন কৰা হৈছে। পূণ্য তিথি উপলক্ষে শিল্পীগৰাকীক সুঁৱৰি ঠায়ে ঠায়ে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ পূণ্য তিথিত শ্রদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয়, যে অসমৰ বাৰেৰহণীয়া সংস্ক...

December 3, 2025 4:12 PM

views 60

ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত মাজুলীলৈ ফেৰী চলাচল ব্যাহত

● ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত মাজুলীলৈ ফেৰী চলাচল ব্যাহত হয়। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। বতৰ মুকলি হোৱাৰ লগে লগে এই সেৱা মুকলি কৰা হ'ব পাৰে বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি পুৱাৰ ভাগত মাজুলী অফলামুখৰ ফেৰী যাতায়াত বন্ধ ৰখা হয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।