-ৰাজ্যৰ অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা ৩০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব। এই হিতাধিকাৰীসকলে শীঘ্ৰেই ৰন্ধন গেছৰ চিলিণ্ডাৰত ২৫০ টকাকৈ ৰাজ সাহায্য অসম চৰকাৰৰ পৰা লাভ কৰিব। উল্লেখযোগ্য যে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰ বৰ্তমান একোটা পৰিয়ালে ৰাজ সাহায্যসহ ৮৫০ টকাত লাভ কৰে। প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ অধীনত ৩০০ টকা হিতাধিকাৰীয়ে ৰাজ সাহায্য হিচাপে লাভ কৰে। ইয়াৰ ফলত একোটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫৫০ টকা হয়। অহা জানুৱাৰীৰ পৰা হিতাধিকাৰীসকলক চৰকাৰে অতিৰিক্তকৈ ২৫০ টকা ৰাজ সাহায্য প্ৰদান কৰাৰ ফলত তেওঁলোকে ৩০০ টকাতে চিলিণ্ডাৰ লাভ কৰিব পাৰিব।
Assamese | December 3, 2025 4:22 PM | Akashvani | Akashvani News | Arunodai Scheme | LPG Cylinder
প্ৰধানমন্ত্ৰী উজ্বলা আঁচনিৰ হিতাধিকাৰীসকলে অহা মাহৰ পৰা ৩০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব