আঞ্চলিক সংবাদ

December 4, 2025 12:52 PM

views 48

তিনিটা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা ৰাজ্যৰ গৃহ বিভাগৰ

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ পৰা পোৱা গোপন তথ্য মর্মে ৰাজ্যৰ গৃহ বিভাগে তিনিটা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে। গৃহ বিভাগে জাৰি কৰা নির্দেশনা অনুসৰি জামাত-উল-মুজাহিদিন বাংলাদেশ, আনছারুল্লাহ বাংলা টীম আৰু অল কায়দাৰ সৈতে জড়িত আনছাৰ-অল-ইছলাম নামৰ সন্ত্রাসবাদী সংগঠনকেইটাক নিষিদ্ধ ঘোষণা কৰা হৈছে। ...

December 4, 2025 12:42 PM

views 42

প্রধানমন্ত্রীৰ অসম ভ্রমণ সন্দর্ভত ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রীৰ গুৰুত্বপূর্ণ বৈঠক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অহা ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়া অসম ভ্রমণ সন্দর্ভত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। প্রধানমন্ত্রীৰ এই দুদিনীয়া অসম ভ্রমণকালত বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱনট...

December 4, 2025 12:40 PM

views 44

অপৰাধৰ তদন্তৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীর্ষস্থানত আছে বুলি কেন্দ্রীয় গৃহ মন্ধ্যালয়ৰ প্রকাশ

অপৰাধৰ তদন্তৰ ক্ষেত্ৰত অসম সম্প্রতি দেশৰ ভিতৰতে শীর্ষস্থানত আছে বুলি কেন্দ্রীয় গৃহ মন্ধ্যালয়ে প্রকাশ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫ হাজাৰ ৮১৮ গৰাকী বাছনি লাভ কৰা প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। নতুন ফৌজদাৰী আইনৰ অধীনত ...

December 4, 2025 12:36 PM

views 53

চাহ শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে শীঘ্রেই এখন সমিতি গঠন কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

চাহ শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে বাগিচাসমূহত জৰীপ চলাবলৈ শীঘ্রেই এখন সমিতি গঠন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি চাহ শ্রমিকক ভূমি হস্তান্তৰ সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত এই বিষয়ে প্রকাশ কৰে। এই বৈঠকতে প্রতিখন চাহ বাগিচাত এখনকৈ চাৰিজনীয়া সমিতি গঠনৰ জৰিয়তে ভূমি...

December 4, 2025 12:32 PM

views 38

তেজপুৰ বিশ্ববিদ্যালয়ত শীঘ্রেই এগৰাকী ভাৰপ্ৰাপ্ত উপাচার্য নিযুক্তি দিবলৈ শিক্ষামন্ত্রীক অনুৰোধ মুখ্যমন্ত্রীৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ সুস্থিৰ কৰি তোলাৰ বাবে শীঘ্রেই এগৰাকী ভাৰপ্ৰাপ্ত উপাচার্য নিযুক্তি দিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানক অনুৰোধ জনাইছে। যোৱা প্ৰায় আঢ়ৈ মাহ ধৰি বিশ্ববিদ্যালয়খনত চলি থকা অচলাবস্থা সন্দর্ভত কালি মুখ্যমন্ত্রীয়ে কেন্দ্রী...

December 4, 2025 12:30 PM

views 52

ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী চলাচল ব্যাহত

ঘন কুঁৱলীৰ বাবে আজি পুৱাৰ ভাগত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী চলাচল ব্যাহত হয়। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্রহণ কৰে। একেদৰে কালি পুৱাৰ ভাগত ফেৰী সেৱা বিঘ্নিত হৈছিল। পাছলৈ বতৰ ফৰকাল হোৱাত ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হয়। এই সন্দর্ভত সবিশেষ তথ্যৰ বাবে আ...

December 4, 2025 12:29 PM

views 81

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ শতবর্ষ মহোৎসৱ দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটবাসী ৰাইজ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য অনুৰাগীৰ উপস্থিতিত এই ঐতিহ্যপূর্ণ ভৱনটোৰ গৌৰৱপূৰ্ণ শতবর্ষ অনুষ্ঠানটো উদযাপিত হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতি...

December 4, 2025 12:26 PM

views 43

ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ নগাঁও জিলা প্রশাসনৰ উচ্ছেদ অভিযান

নগাঁও জিলা প্রশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্রশাসনে যাবতীয় প্রস্তুতি সম্পূর্ণ কৰিছে। প্রশাসনে প্রায় ৩৮ বিঘা ভূমিত থকা ৭৫টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্রশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। উল্লেখযোগ্য ...

December 4, 2025 12:25 PM

views 30

আকাশবাণীৰ প্রাসঙ্গিক অনুষ্ঠানত আজি গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুঙৰ সৈতে হোৱা সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মর্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত গোৱালপাৰা জিলাক অভিলাষী জিলাৰূপে পৰিগণিত হোৱা সন্দৰ্ভত গোৱালপাৰাৰ জিলা আয়ুক্ত প্রদীপ টিমুঙৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ গোৱালপাৰা জিলাৰ সংবাদদাতা...

December 4, 2025 12:23 PM

views 31

ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কালিৰে পৰা ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি পৰিব। দুদিনীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লৈছে। আজি কেইবাটাও ধর্মীয় কাৰ্যসূচী ৰখা হৈছে। আজি হ'বলগীয়া পালনামত গুৱাহাটীৰ সাৰংগপাণি পাঠকে অংশ ল'ব। ক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।