মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কালিৰে পৰা ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি পৰিব। দুদিনীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ লৈছে। আজি কেইবাটাও ধর্মীয় কাৰ্যসূচী ৰখা হৈছে। আজি হ’বলগীয়া পালনামত গুৱাহাটীৰ সাৰংগপাণি পাঠকে অংশ ল’ব। কালি পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত বৰপেটা সত্ৰৰ চম্পক দাসৰ জাগৰণৰ গীত পৰিৱেশনেৰে মহোৎসৱ শুভাৰম্ভ কৰা হয়। পুৱাৰ প্ৰসংগ সংগীত-নাটক একাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ বিশিষ্ট সত্রীয়া শিল্পী গুণীন্দ্র নাথ ওজাই পৰিচালনা কৰে। ইয়াৰ পাছতে বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মুকলি কৰে। উতলা সত্ৰৰ সত্ৰাধিকাৰ বাবুল চন্দ্ৰ ডেকাই মহোৎসৱৰ বাবে পৱিত্ৰ ভাগৱত বহন কৰে। ইয়াৰ পাছতে মুকলি সভা অনুষ্ঠিত হয়। মহোৎসৱ উপলক্ষে প্রকাশিত স্মৃতিগ্ৰন্থ বৰপেটা সত্ৰৰ বুঢ়া সত্রীয়া ড° বাবুল চন্দ্র দাসে উন্মোচন কৰে।
Assamese | December 4, 2025 12:23 PM | Puri mohotsav
ওড়িশাৰ পুৰীত অনুষ্ঠিত পুৰী মহোৎসৱৰ আজি সামৰণি