অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ পৰা পোৱা গোপন তথ্য মর্মে ৰাজ্যৰ গৃহ বিভাগে তিনিটা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে। গৃহ বিভাগে জাৰি কৰা নির্দেশনা অনুসৰি জামাত-উল-মুজাহিদিন বাংলাদেশ, আনছারুল্লাহ বাংলা টীম আৰু অল কায়দাৰ সৈতে জড়িত আনছাৰ-অল-ইছলাম নামৰ সন্ত্রাসবাদী সংগঠনকেইটাক নিষিদ্ধ ঘোষণা কৰা হৈছে। একেদৰে ৰাজ্যৰ ন্যায়িক বিভাগে ২৬ নৱেম্বৰত প্ৰকাশ কৰা অনুসৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই সংগঠনকেইটাৰ গোপন যোগাযোগক লৈ আপত্তিজনক তথ্য আৰু সূত্ৰ লাভ কৰিছে। এই অনুসৰি সংগঠনকেইটাই কোনোধৰণৰ প্ৰচাৰ মাধ্যমেৰে কৰা প্ৰচাৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ৯৮ ধাৰা অনুসৰি অপৰাধ হিচাপে গণ্য কৰা হ’ব।
Assamese | December 4, 2025 12:52 PM | Home Ministry
তিনিটা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা ৰাজ্যৰ গৃহ বিভাগৰ