লোকনৃত্য, থলুৱা খাদ্য সম্ভাৰ আৰু সুৰীয়া সংগীতেৰে উখল মাখল হৈ পৰা নাগালেণ্ডৰ কোহিমাৰ কিচামা গাঁৱৰ হৰ্ণবিল মহোৎসৱস্থলীত আজিও বহু লোকৰ সমাগম হয়। নগা যুৱক-যুৱতীৰ আকৰ্ষণীয় লোকনৃত্য পৰিবেশন আৰু দেশ-বিদেশৰ শিল্পীসকলৰ গীতে উপস্থিত জনসাধাৰণক আপ্লুত কৰিছে। জনজাতীয় নৃত্য-গীতে উৎসৱমুখৰ কৰি তোলা এই স্থান বিভিন্ন হস্তকলা আৰু থলুৱা ক্রীড়া প্ৰতিভা প্ৰদৰ্শনৰো থলী হিচাপে বিবেচিত হৈছে। প্ৰতি সন্ধিয়া এই মহোৎসৱত সংগীতানুষ্ঠানে দর্শকসকলক আকৰ্ষিত কৰিছে। আজি মহোৎসৱস্থলীত সমুহীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়। উল্লেখযোগ্য যে ১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত এই মহোৎসৱৰ ১০ ডিচেম্বৰত সামৰণি পৰিব। এই বছৰ ব্ৰিটেইন আয়াৰলেণ্ড, ফ্রান্স, অষ্ট্ৰিয়া, মাল্টা আৰু ছুইজাৰলেণ্ডে সহযোগী দেশ হিচাপে আৰু অৰুণাচল প্রদেশে সহযোগী ৰাজ্য হিচাপে যোগদান কৰিছে ।
Assamese | December 3, 2025 8:31 PM | Hornbil Festival
নাগালেণ্ডৰ কোহিমাৰ কিচামা গাঁৱৰ হৰ্ণবিল মহোৎসৱস্থলীত অগণন লোকৰ সমাগম