তেজপুৰ বিশ্ববিদ্যালয়ত যোৱা প্ৰায় দুমাহ ধৰি সৃষ্টি হোৱা অচলাৱস্থাৰ অৱসান ঘটাবলৈ সাংসদ অজিত কুমাৰ ভূঞাই আজি ৰাজ্যসভাত কেন্দ্ৰীয় শিক্ষামন্ত্রীক আহ্বান জনায়। তেওঁ কয় যে ১৯৯৪ চনৰ সংশ্লিষ্ট আইনৰ অধীনত প্ৰতিষ্ঠা হোৱা এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত সংঘটিত বিভিন্ন অনিয়ম সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সম্প্ৰদায় আৰু শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। তেওঁ অভিযোগ কৰি কয় যে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকী যোৱা প্ৰায় দুমাহ ধৰি বিশ্ববিদ্যালয়খনৰ পৰা আঁতৰি আছে আৰু তেওঁৰ কাম-কাজ সম্পৰ্কে অসম চৰকাৰে গঠন কৰা উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়েও কেতবোৰ গুৰুত্বপূৰ্ণ বিসংগতি ধৰা পেলাইছে।
Assamese | December 2, 2025 7:49 PM | Ajit bhuyan
তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থাৰ অৱসান ঘটাবলৈ কেন্দ্ৰীয় শিক্ষামন্ত্রীক আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ