পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলাইছে বুলি আজি বজালীত মন্তব্য কৰে। অসম দৰ্শন আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ জনহিতৈষী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰীদাসে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই অনুমোদন কৰিবলগীয়া আৰু ১০ লাখ পকী ঘৰৰ নিৰ্মাণৰ পাছত অসমৰ সকলো কেঁচা ঘৰ পকী হৈ উঠিব বুলি দাবী কৰে। এই ঘৰসমূহৰ বাবে হিতাধিকাৰীৰ নিৰ্বাচনৰ ক্ষেত্ৰত কোনোধৰণৰ পক্ষপাতদুষ্টতা সহ্য কৰা নহ’ব বুলি মন্ত্ৰীগৰাকীয়ে আজিৰ অনুষ্ঠানত জানিবলৈ দিয়ে। অনুষ্ঠানত বজালী জিলাৰ মুঠ ২৫ খন সত্ৰ তথা নামঘৰক অসম দৰ্শন আঁচনিৰ অনুমোদন পত্র প্রদান কৰা হয় ৷
Assamese | December 2, 2025 9:59 PM | bajali ranjeet das
বজালীত অসম দৰ্শন আঁচনিৰ চেক বিতৰণ মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ