সমগ্র দেশজুৰি হৰ ঘৰ ত্ৰিৰংগা অভিযান আজি আৰম্ভ হৈছে। ১৭ আগষ্টত এই অভিযানৰ সামৰণি পৰিব। এই পদক্ষেপৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা দেশপ্রেম, ৰাষ্ট্ৰীয় একতা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উদযাপনত অংশ লোৱাৰ বাবে দেশৰ নাগৰিকসকলক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। ২০২২ চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশহিচাপে আৰম্ভ কৰা এই অভিযান সম্প্রতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্রহণমূলক অভিযানলৈ পৰিণত হৈছে।
এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্রাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে। অভিযানৰ অংশহিচাপে দেশৰ বিভিন্ন প্রান্তত বন্দে মাতৰম সমবেত কণ্ঠত পৰিৱেশন কৰা হ’ব।
ইপিনে, স্বাধীনতা দিৱসৰ স্মৃতি হিচাপে দেশ বিভাজনৰ সময়ৰ যাতনা আৰু স্থানান্তৰক সুঁৱৰি চৰকাৰে অহা ১৪ আগষ্টত বিভাজন বিভীষিকা সোঁৱৰণী দিৱসৰ আয়োজন কৰিছে। ইয়াৰ অংশহিচাপে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত পেৰেড, বিভাজন সম্পর্কীয় প্রদর্শনী, তথ্য চিত্র প্রদর্শনকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ’ব।
এই কাৰ্যসূচীত অংশলোৱাৰ বাবে জনসাধাৰণক আমন্ত্রণ জনাই সংস্কৃতি মন্ত্র্যালয়ে সকলোকে গৌৰৱেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ, ৰাষ্ট্ৰীয় গীত গাবলৈ আৰু সামুহিক কার্যকলাপত অংশ ল’বলৈ আহ্বান জনায়। এই উপলক্ষে ২০০ৰো অধিক ভাৰতীয় দূতাবাস, উচ্চায়ুক্ত আৰু বাণিজ্য দূতাবাসে এলানি কাৰ্যসূচীৰ আয়োজন কৰিছে।
Assamese | August 9, 2026 10:55 AM | Har Ghar Tiranga
সমগ্র দেশজুৰি হৰ ঘৰ ত্ৰিৰংগা অভিযান আৰম্ভ