জম্মু-কাশ্মীৰত শেহতীয়াকৈ প্ৰচুৰ বৰষুণ, পথ মেৰামতি তথা অহা কিছুদিনলৈ বতৰ প্ৰতিকূল হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি পেহেলগাম আৰু বালতল পথেৰে বাৰ্ষিক অমৰনাথ যাত্ৰা আজিৰে পৰা বাতিল কৰা হৈছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা বতৰৰ বতৰা আৰু পথৰ দুৰৱস্থাৰ পৰিপ্ৰেক্ষিত সাময়িকভাবে যাত্রা বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। সুৰক্ষামূলক ব্যৱস্থা হিচাপে কালি জম্মুৰ ভাগৱতীনগৰৰ মূল শিৱিৰৰ পৰা কোনো তীর্থযাত্ৰীক যাত্ৰা কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই।
ইপিনে, ২৮ সংখ্যক দলৰ ১২০২ গৰাকী তীর্থযাত্ৰীয়ে অমৰনাথৰ পৱিত্ৰ গুহা দৰ্শন সম্পূৰ্ণ কৰিছে আৰু বালতলৰ মূল শিৱিৰত থকা তীর্থযাত্ৰীসকলক ৪৪ খন বাহনেৰে জন্মৰ দিশে যাবলৈ অনুমতি দিয়া হৈছে। উভতি অহা তীর্থযাত্ৰীসকলৰ ভিতৰত ৮৬৭ জন পুৰুষ, ২৫১ গৰাকী মহিলা, এটি শিশু, ৭৯ গৰাকী সাধু, আৰু ৪ গৰাকী সাধৱী আছে।
কালিৰ দিনটোত ৩৩৩৪ গৰাকী তীর্থযাত্ৰীয়ে গুহা দৰ্শন কৰাত চলিত বৰ্ষত এই পৰিত্ৰ গুহা দৰ্শন কৰা তীর্থযাত্ৰীৰ সংখ্যা ৪ লাখ ৮০ হাজাৰ ১৯ হৈছেগৈ।
Assamese | August 9, 2026 11:02 AM | Amarnath Yatra
প্রতিকূল বতৰ আৰু পথ মেৰামতিৰ বাবে পেহেলগাম আৰু বালতল পথেৰে বাৰ্ষিক অমৰনাথ যাত্ৰা সাময়িকভাবে বাতিল