ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবড়াৰ বানপীড়িত অঞ্চলৰ পৰিস্থিতিৰ বুজ লৈ কালি এইদৰে মন্তব্য কৰে।
তেওঁ কয়, যে ৰাজ্য চৰকাৰে বৈজ্ঞানিকভাৱে বান সমস্যা সমাধান কৰিব বিচাৰে। তেওঁ লগতে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহক একেলগে কাম কৰি বিষয়টো উদ্ভাৱনমূলক স্থায়ী সমাধান উলিয়াবলৈ আহ্বান জনায়।
মুখ্যমন্ত্রীয়ে যোৱা ৫ আগষ্টত নোৱা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ছিঙি নিয়াৰ ফলত বানৰ কবলত পৰা অঞ্চলটোত উপস্থিত হৈ কালি মথাউৰি মেৰামতিৰ বুজ লোৱাৰ লগতে ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান শিবিৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্থায়ী বান শিবিৰটোত থকা বান ক্ষতিগ্রস্ত লোকৰ সমস্যাৰ বুজ লয়। নোৱা নৈৰ ভগ্ন মথাউৰিটো পুনৰ নিৰ্মাণৰ লগতে বানত ক্ষতিগ্রস্ত কৃষক ৰাইজক তেওঁ পর্যাপ্ত পৰিমাণে ক্ষতিপূৰণৰ আশ্বাস দিয়ে। এই পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্রী অশোক সিংহল আৰু নীলিমা দেবী উপস্থিত থাকে।