সংসদত আজি মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কখনে ২০১৭ বৰ্ষৰ সামগ্ৰী আৰু সেৱা কৰ আইনৰ সংশোধন ঘটাব। তদুপৰি বিধেয়কখনে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী অধ্যাদেশ ২০২৫ৰো স্থান ল’ব। আজি ৰাজ্যসভাত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে এই বিধেয়কখন উত্থাপন কৰে। ইয়াৰ জৰিয়তে জি এছ টি পৰিষদৰ সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ ফলত মণিপুৰতো জি এছ টি হাৰ এতিয়াৰে পৰা দুটা স্তৰত ৫ শতাংশ আৰু ১৮ শতাংশ হ’ব। উল্লেখযোগ্য যে মণিপুৰ জি এছ টি সংশোধনী বিধেয়ক ইয়াৰ আগতে লোকসভাত গৃহীত হৈছিল।
Assamese | December 2, 2025 7:47 PM | manipur sansad
সংসদত মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক-২০২৫ গৃহীত