দৰং জিলাৰ অন্যতম ব্যৱসায়িক নগৰ- খাৰুপেটীয়াত যোৱা নিশা সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত দৰং আৰক্ষীয়ে নগৰখনৰ গোপাল নগৰস্থিত অলংকাৰ বিক্ৰী প্ৰতিষ্ঠান- প্ৰমীলা জুৱেলাৰীৰ স্বত্বাধিকাৰ অনন্ত বিশ্বাসক আটক কৰিছে। দৰঙৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে কালিৰ গুলীচালনাত আহত মুন্না সাহা আৰু অভিযুক্ত অনন্ত বিশ্বাসৰ মাজত ধনৰ লেনদেন আছিল আৰু ধাৰে দিয়া ধন মুন্না সাহাই বিচৰাৰ বাবেই যোৱা নিশা দুয়োৰে মাজত মতানৈক্য হৈছিল। দুয়োৰে মাজৰ টনা আঁজোৰাৰ বাবেই যোৱা নিশা ১০ বজাত মুন্না সাহাৰ বুকুত গুলী লাগে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা বিদেশত নির্মিত পিষ্টল, দুজাঁই গুলী আৰু এটা গুলীৰ টোটা উদ্ধাৰ কৰে। আৰক্ষীৰ সমগ্ৰ ঘটনা সন্দৰ্ভত বিতং তদন্ত আৰম্ভ কৰিছে। ইপিনে গুলীবিদ্ধ মুন্না সাহা ওৰফে অভিজিৎ সাহা বর্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ অৱস্থা অপৰিৱৰ্তিত হৈ আছে।
Assamese | December 2, 2025 7:51 PM | Darrang
দৰঙৰ খাৰুপেটীয়াত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত অনন্ত বিশ্বাস নামৰ এজনক আটক