আঞ্চলিক সংবাদ

December 5, 2025 6:53 PM

views 45

২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় লোকনৃত্য প্রতিযোগিতাত মৰিগাঁও জিলাৰ দ্বিতীয় স্থান লাভ

২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় লোকনৃত্য প্রতিযোগিতাত মৰিগাঁও জিলাই অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, নতুন দিল্লীৰ উদ্যোগত অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু পৰিষদৰ জনসংখ্যা শিক্ষা কোষৰ দ্বাৰা এই প্রতিযোগিতা আয়োজন কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজিত...

December 5, 2025 6:50 PM

views 63

গুৱাহাটীৰ ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ চৌহদত বিশ্ব ভূমি দিৱস উপলক্ষে বিশেষ কার্যসূচী

ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ চৌহদত বিশ্ব ভূমি দিৱস উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্রহ্ম মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ভূমি সংৰক্ষণৰ প্ৰয়োজনীয়তা তথা এই ক্ষেত্রত জনসাধাৰণৰ কৰণীয়...

December 5, 2025 6:49 PM

views 42

ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত আকাশবাণীত কাইলৈ দৃষ্টিপাত অনুষ্ঠান

ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্রাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সু...

December 5, 2025 6:47 PM

views 50

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতিত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। পূর্বতে গৃহমন্ত্রী অমিত শ্বাহ এই কাৰ্যসূচীলৈ অহাৰ কথা আছিল যদিও এতিয়া স্মাৰক ক্ষেত্র উদ্বোধনী অ...

December 5, 2025 6:46 PM

views 42

ওদালগুৰি জিলাৰ কলাইগাঁওত আৰক্ষীৰ বুজন পৰিমাণৰ ভাং জব্দ

ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত গৰুবন্ধা চ'কত আজি আৰক্ষীয়ে এজন ব্যক্তিৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমর্থ হয়। এটা গোপন সূত্ৰৰ ভিত্তিত এখন যাত্রীবাহী বাছত অভিযান চলাই মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন বৰাৰ নেতৃত্বত এই ভাংখিনি জব্দ কৰা হয়। এই সংক্রান্তত অধিক তথ্যৰ বা...

December 5, 2025 6:43 PM

views 26

তামুলপুৰত আজি এমহীয়া কাঠফুলাৰ খেতি আৰু মৌ-মাখি পালনৰ প্ৰশিক্ষণ আৰম্ভ

তামুলপুৰ জিলাৰ কাউলিত ২৪ নম্বৰ সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত সীমান্তৱৰ্তী লোকসকলক আত্মনিৰ্ভৰশীল হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে আজি এমহীয়া কাঠফুলাৰ খেতি আৰু মৌ-মাখি পালনৰ প্ৰশিক্ষণ আৰম্ভ হয়। ২৪ নম্বৰ সীমা সুৰক্ষা বাহিনী ৰঙিয়াৰ উদ্যোগত জিলাখনৰ বিশেষকৈ ভাৰত-ভূটান সীমান্তৰ প্রশিক্ষার্থীসকলক কম্পিউটাৰ হাৰ্ডৱেৰ,...

December 5, 2025 6:42 PM

views 24

আজিৰে পৰা ডিমা হাচাওত মাৰ জনগোষ্ঠীৰ চিক পুই কই আৰম্ভ

ডিমা হাচাও জিলাৰ মাৰ জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত উৎসৱ চিক পুই কই আজিৰে পৰা আৰম্ভ হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই উৎসৱ উপলক্ষে সমূহ মাৰ জনগোষ্ঠীৰ লোকক শুভেচ্ছা জ্ঞাপন কৰিছে। এই উৎসৱ শীতকালত প্রায় এমাহ ধৰি পালন কৰা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি জনগোষ্ঠীটোৰ যুৱক-যুৱতীসকলে থালৌৰাম লাম, লামত লাল...

December 5, 2025 6:40 PM

views 52

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। এই সময়সূচী অনুসৰি নিৰ্ধাৰিত বিষয়সমূহৰ বাবে অহা ২৮ আৰু ২৯ জানুৱাৰীত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব।

December 5, 2025 6:38 PM

views 44

ৰূপহীহাট থানাৰ অন্তর্গত ভকতগাঁৱত আজি শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন

নগাঁও জিলা প্রশাসনে ৰূপহীহাট থানাৰ অন্তর্গত ভকতগাঁৱত আজি উচ্ছেদ অভিযান চলায়। প্রশাসনে প্রায় ৩৮ বিঘা ভূমিত অবৈধভাৱে বাস কৰা ৭৫টা পৰিয়ালক উচ্ছেদ কৰে। জিলা প্রশাসনে ইতিমধ্যে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি যায়। আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ উপ...

December 5, 2025 6:36 PM

views 45

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ১২ ডিচেম্বৰৰ ভিতৰত এছ আই টিৰ অভিযোগনামা দাখিলৰ সম্ভাৱনা

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী গোট এছ আই টিয়ে এই গোচৰৰ তদন্ত প্রক্রিয়া প্রায় সম্পূৰ্ণ কৰিছে আৰু ১২ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে এছ আই টিয়ে বৃহৎ সংখ্যক সাক্ষ্য প্রমাণ লাভ কৰ...