কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেল’শ্বিপৰ পুঁজি মুকলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেল’শ্বিপৰ পুঁজি মুকলি কৰে। এই পদক্ষেপৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ মাজেৰে দেশৰ ছহেজাৰতকৈও অধিক শিক্ষার্থীয়ে ২১ কোটিতকৈও অধিক ধন লাভ কৰিব।

এই নতুন পদক্ষেপৰ জৰিয়তে কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীসকলে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ যোগেৰে সময় মতে আৰু কোনো অসুবিধা নোহোৱাকৈ প্ৰতি মাহে বৃত্তিৰ ধন লাভ কৰিব। নতুন দিল্লীত অনুষ্ঠিত এটা অনুষ্ঠানত সমৱেত লোকসকলৰ আগত ভাষণ দি মন্ত্ৰী শ্ৰী চৌহানে কয়, যে এই বৃত্তি কেৱল মাত্ৰ আৰ্থিক সাহায্য নহয়, বৰং কৃষি শিক্ষা শক্তিশালী আৰু এই শিক্ষাক ব্যৱহাৰিক শিকনৰ জৰিয়তে অধিক সা-সুবিধা লাভ কৰিব পৰা এটা ফলপ্রসূ প্রক্রিয়া।

তেওঁ কয়, যে প্রত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াই শিক্ষাৰ্থীসকলক সময়মতে বৃত্তিৰ ধন লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। তেওঁ কয়, যে ছাত্ৰ-ছাত্ৰীসকলে বৃত্তিৰ ধন সময়মতে লাভ কৰিলে শিক্ষা গ্রহণ প্ৰক্ৰিয়াত তেওঁলোকে অধিক মনোনিৱেশ কৰিব পাৰিব। কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে এন এছ পি-ডি বি টি প্রক্রিয়াই বৃত্তিৰ ধন বিতৰণ ব্যৱস্থাটো অধিক স্বচ্ছ, গতিশীল আৰু জটিলতাবিহীনভাৱে সম্পন্ন কৰাত সহায় কৰিব।

তেওঁ লগতে কৃষি শিক্ষা, গৱেষণা আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ ভৱিষ্যতৰ কৃষি ব্যৱস্থাৰ প্ৰতি প্ৰস্তুত কৰি তোলাত গুৰুত্ব আৰোপ কৰে।