August 11, 2026 9:36 AM
24
কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেল’শ্বিপৰ পুঁজি মুকলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি নতুন দিল্লীত কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এন এছ পিৰ জৰিয়তে বৃত্তি আৰু ফেল'শ্বিপৰ পুঁজি মুকলি কৰে। এই পদক্ষেপৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ মাজেৰে দেশৰ ছহেজাৰতকৈও অধিক শিক্ষার্থীয়ে ২১ কোটিতকৈও অধিক ধন লাভ কৰিব। এই নতুন পদক্ষেপৰ জৰিয়তে কৃষি বিজ্ঞানৰ শিক্ষাৰ্থীসকলে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ যোগেৰে সময় মতে আৰু কোনো অসুবিধা নোহোৱাকৈ প্ৰতি মাহে বৃত্তিৰ ধন লাভ কৰিব। নতুন দিল্লীত অনুষ্ঠিত এটা অনুষ্ঠানত সমৱেত লোকসকলৰ আগত ভাষণ দি মন্ত...