কেন্দ্ৰীয় গ্রামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে বিকশিত ভাৰত জি ৰাম জী আঁচনিৰ অধীনত দেশৰ গ্ৰামাঞ্চলত উন্নয়নমূলক কাম-কাজ অব্যাহত আছে। ডী ডী নিউজৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্ৰীচৌহানে কয় যে এই আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ লোকৰ নিয়োগ নিশ্চিতৰ মজুৰি ১০০ৰ পৰা ১২৫ দিনলৈ বৃদ্ধি কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন প্ৰৱৰ্তন কৰা বিকশিত ভাৰত জি ৰাম জী আইনৰ অধীনত আবেদনৰ ১৫ দিনৰ ভিতৰত কাম নাপালে নিবনুৱা ভাট্টা বাধ্যতামূলক কৰা হৈছে। তেওঁ লগতে কয় যে এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ অংশীদাৰৰ সৈতে ইয়াৰ বাৰ্ষিক ব্যয়ৰ পৰিমাণ ১ লাখ ৫১ হাজাৰ কোটিৰো অধিক হৈছে। শ্রীচৌহানে কয় যে ইয়াৰে ৯৫ হাজাৰ কোটিৰো অধিক টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিছে।
Assamese | December 26, 2025 8:15 PM | Akashvani News | Sivraj Chauhan
বিকশিত ভাৰত জি ৰাম জী আঁচনিৰ অধীনত দেশৰ গ্ৰামাঞ্চলত উন্নয়নমূলক কাম-কাজ অব্যাহত আছেঃ শিৱৰাজ সিং চৌহান