কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে ২০১৪ চনৰ পৰা ভাৰতত কুঁহিয়াৰ উৎপাদন ৪৪ শতাংশ বৃদ্ধি পাইছে বুলি আজি প্রকাশ কৰিছে। নতুন দিল্লীত কৃষি বাণিজ্য শীর্ষ সম্মিলন ২০২৫ত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বজাৰ অন্বেষণ আঁচনিৰ অধীনত কৃষকসকলে যাতে উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য লাভ কৰে তাক নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। ১ হেক্টৰতকৈ কম মাটি থকা ক্ষুদ্র কৃষকসকলৰ ক্ষেত্ৰত সংহত কৃষি আৰ্হি গ্ৰহণ কৰাৰ ক্ষেত্ৰত শ্রীচৌহানে গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে উদ্যান শস্যৰ ক্ষেত্ৰত যদি দাম এটা নির্দিষ্ট সীমাৰ তললৈ নামে তেন্তে চৰকাৰে নির্ধাৰিত দাম আৰু বিক্ৰী মূল্যৰ পাৰ্থক্যৰ ধনৰাশি পোনপটীয়াকৈ কৃষকৰ একাউণ্টত জমা দিব। কৃষকসকল বিজ্ঞানৰ মহান অনুশীলনকাৰী বুলি তেওঁ উল্লেখ কৰে।
Assamese | December 8, 2025 8:23 PM | Sivraj Chauhan
ভাৰতত কুঁহিয়াৰ উৎপাদন ৪৪ শতাংশ বৃদ্ধি পাইছে : মন্ত্রী শিৱৰাজ সিং চৌহান