আঞ্চলিক সংবাদ

December 15, 2025 1:42 PM

views 43

চলিত বৰ্ষত অসমত ১২টা বাঘৰ মৃত্যু

চলিত বৰ্ষত অসমত ১২টা বাঘৰ মৃত্যু হোৱা বুলি ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে তথ্য প্ৰকাশ কৰিছে। যোৱা ১২ ডিচেম্বৰ পৰ্যন্ত দিয়া তথ্য অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৭টা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান এটা বাঘৰ মৃত্যু হৈছে। তদুপৰি ৰাজ্যৰ অন্যান্য স্থানত কেইবাটাও বাঘ মানুহে হত্যা কৰিছে। বাঘৰ মৃত্যুৰ ক...

December 15, 2025 1:39 PM

views 47

দুদিনীয়া কাৰ্যসূচীৰে অহা ২০ ডিচেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে অহা ২০ ডিচেম্বৰত অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱ-নির্মিত টার্মিনেল উদ্বোধন কৰিব। এই টার্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ আন্ত-গাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা, উদ্যোগ...

December 15, 2025 12:18 PM

views 60

দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান

অসমৰ সংবাদ জগতৰ মহীৰূহ, দি আছাম ট্ৰিবিউন কাকতৰ সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৩ বছৰ। দীৰ্ঘকাল ধৰি দৈনিক অসম কাকতৰ সম্পাদক হিচাপেও দায়িত্ব পালন কৰা প্ৰফুল্ল গোবিন্দ বৰুৱাই ২০১৮ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। উত...

December 14, 2025 9:24 PM

views 33

উত্তৰ গুৱাহাটী কন্যা উচ্চ বিদ্যালয় আৰু আউনীআটি কমলাদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাইপ্রো আর্থিয়ান ৰাষ্ট্ৰীয় বঁটা ২০২৫ লাভ

উত্তৰ গুৱাহাটী কন্যা উচ্চ বিদ্যালয় আৰু আউনীআটি কমলাদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাইপ্রো আর্থিয়ান ৰাষ্ট্ৰীয় বঁটা ২০২৫ লাভ কৰিবলৈ সক্ষম হৈছে। দেশজুৰি লাভ কৰা ২ হেজাৰতকৈ অধিক প্ৰকল্পৰ ভিতৰত এই বিদ্যালয় দুখনৰ প্ৰকল্পক পুৰস্কৃত কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিদ্যালয় দুখনৰ সফলতাত আনন্দ প্রকাশ ক...

December 14, 2025 8:31 PM

views 54

আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কার্যবাহী দগৰ চন্দ্ৰ ৰাভাৰ দেহাৱসান

আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কার্যবাহী দগৰ চন্দ্ৰ ৰাভাৰ আজি গুৱাহাটীৰ আৰ্যনগৰ ভাস্কৰ নগৰৰ নিজা বাসভবনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৫ বছৰ। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণীৰ বিভিন্ন কেন্দ্ৰত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰা ৰাভা এগৰাকী প্ৰকৃত জ্ঞানপিপাসু ব্যক্তি আছিল। তেওঁৰ ব্যক্তিগত প...

December 14, 2025 8:28 PM

views 65

ৰাজ্যত শীত নমাৰ লগে লগে বনভোজস্থলীসমূহ জনসমাগমেৰে মুখৰ হৈ উঠিছে

ৰাজ্যত শীত নমাৰ লগে লগে বনভোজৰো বতৰ অহা পৰিলক্ষিত হৈছে। বছৰটোৰ শেষৰ দিনকেইটি তথা সমাগত মাঘ বিহু আৰু নৱবৰ্ষৰ মাজৰ দিনকেইটিত ৰাজ্যৰ বনভোজস্থলীসমূহ জনসমাগমেৰে মুখৰ হৈ উঠিছে। বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজস্থলীত আজি বনভোজৰ বাবে ব্যাপক জন সমাগম হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা উ...

December 14, 2025 8:17 PM

views 30

লখিমপুৰৰ খাৰকাটি ফটাসুতি ঘাটত ১৮ জানুৱাৰীৰ পৰা ৰঙানদী সাংস্কৃতিক উৎসৱ ২০২৬

লখিমপুৰৰ খাৰকাটি ফটাসুতি ঘাটৰ পকী দলঙৰ সমীপত অহা ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ৰঙানদী সাংস্কৃতিক উৎসৱ ২০২৬। ফটাসুঁতি দলঙৰ সমীপত আজি এই উৎসৱৰ শুভাৰম্ভণি অনুষ্ঠান আয়োজিত হয়। অনুষ্ঠানটোত দিহা নামৰ লগতে মিছিং নৃত্যও পৰিবেশন কৰা হয়। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিভিন্ন প্ৰজাতিৰ অভিলেখ সংখ্যক মাছ ৰঙানদীত এৰ...

December 14, 2025 8:11 PM

views 57

সত্ৰপীঠ মাজুলীত ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত

সত্ৰপীঠ মাজুলীৰ শ্ৰীশ্ৰী আদি বিহিমপুৰ সত্ৰৰ শংকৰ-মাধৱ মিলন ক্ষেত্ৰত আজিৰে পৰা ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত আজি এহেজাৰ এগৰাকী শিল্পীয়ে সমস্বৰে বৰগীত পৰিৱেশন কৰে। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত আৰু মাজুলীবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত এই ভা...

December 14, 2025 7:56 PM

views 52

গুৱাহাটীৰ খানাপাৰাত অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজি অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হয়। ৰাজ্য চৰকাৰৰ গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অহা ২৪ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ অসম গ্রন্থমেলাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহ...

December 14, 2025 7:49 PM

views 23

সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ ৪৫ সংখ্যক অধিৱেশনৰ সামৰণি

বজালী জিলাৰ বাঘমাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ ৪৫ সংখ্যক অধিৱেশনৰ আজি সামৰণি পৰিব। আজি সামৰণিৰ দিনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে। বাঘমাৰাৰ ৰাজপথত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজ-পাৰ পৰিধানেৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্রাত ছাত্র-ছাত্...