চৰকাৰী ই-মার্কেট প্লেছ- জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্য মানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে

চৰকাৰী ই-মার্কেট প্লেছ- জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্য মানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে কালি নতুন দিল্লীত অনুষ্ঠিত জি ই এমৰ দশম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে।

মন্ত্ৰী শ্ৰী গোৱেলে জি ই এম প্ৰতিষ্ঠাৰ পূৰ্বে ৰাজহুৱা ধনৰ অপব্যৱহাৰ আৰু অস্বচ্ছতাৰ কথা সোঁৱৰণ কৰি কয়, যে সেই সময়ত সুপ্ৰশাসনৰ অভাব বাৰুকৈয়ে পৰিলক্ষিত হৈছিল।

মন্ত্ৰীগৰাকীয়ে কয়, যে বৰ্তমান ৰাজহুৱা ক্ৰয় ই-কমার্চ প্লেটফৰ্মৰ জৰিয়তে কৰা হৈছে, যাৰ জৰিয়তে সামগ্ৰী পঞ্জীয়নৰ পূৰ্বেই স্বচ্ছতা, প্রতিযোগিতমূলক সামৰ্থ আৰু উন্নত মান বৰ্তাই ৰখাটো সম্ভৱপৰ হৈছে।

তেওঁ কয়, যে জি ই এম হৈছে ৰাজহুৱা ক্রয়ক ডিজিটেলাইজেছন কৰাৰ প্ৰচেষ্টা, যাৰ জৰিয়তে অস্পষ্টতাৰ ঠাইত স্পষ্টতা পৰিলক্ষিত হয়। মন্ত্ৰী শ্ৰী গোৱেলে কয়, যে জি ই এম পোৰ্টেল আৰম্ভণি কৰাৰে পৰা বিগত ১০ টা বছৰৰ ভিতৰত যোৱা দুবছৰত ক্ৰছ মাৰ্ছেনডাইজৰ মূল্য বছৰি ৫ লাখ কোটি টকাতকৈও অধিক বৃদ্ধি পাইছে, যিটো ২০১৬-১৭ চনত ৪০০ কোটি টকাতকৈ অধিক আছিল।

শ্রী গোৱেলে কয়, যে ক্রমবর্ধিতভাৱে জি ই এমে তিনি কোটিৰো অধিক অৰ্ডাৰৰ জৰিয়তে ২০ লাখ কোটি টকাৰো অধিক মূল্যৰ সামগ্ৰী আৰু সেৱা ক্ৰয় কৰাত সহায় কৰিছে। তেওঁ কয়, যে জি ই এমক ভালেখিনি সংস্কাৰ কৰা হৈছে আৰু অনতি পলমে নতুন ব্যৱহাৰকাৰীসকলৰ বাবে বন্ধুত্বপূর্ণ কৃত্রিম বুদ্ধিমত্তা ভিত্তিক এটা প’ৰ্টেল মুকলি কৰা হ’ব।

মন্ত্ৰী শ্ৰী গোৱেলে ক্রেতা, বিক্ৰেতা আৰু অন্যান্য অংশীদাৰীসকলৰ সহায়ৰ বাবে জি ই এম যোগাযোগ চিনাক্তকৰণৰ অৰ্থে ১৪৫৫০ পাঁচটা সংখ্যাৰ এটা হেল্প ডেক্স কালি মুকলি কৰে।