August 11, 2026 9:08 AM

views 28

চৰকাৰী ই-মার্কেট প্লেছ- জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্য মানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে

চৰকাৰী ই-মার্কেট প্লেছ- জি ই এমে সঠিক গুণগত মানৰ, সঠিক মূল্য মানৰ আৰু সঠিক সময়ত উপযুক্ত সামগ্ৰী ক্ৰয় কৰাটো প্ৰতিফলিত কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে কালি নতুন দিল্লীত অনুষ্ঠিত জি ই এমৰ দশম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰী গোৱেলে জি ই এম প্ৰতিষ্ঠাৰ পূৰ্বে ৰাজহুৱা ধনৰ অপব্যৱহাৰ আৰু অস্বচ্ছতাৰ কথা সোঁৱৰণ কৰি কয়, যে সেই সময়ত সুপ্ৰশাসনৰ অভাব বাৰুকৈয়ে পৰিলক্ষিত হৈছিল। মন্ত্ৰীগৰাকীয়ে কয়, যে বৰ্তমান ৰাজহুৱা ক্ৰয় ই-কমার্চ প্লেটফৰ্মৰ জৰিয়তে কৰা ...

June 24, 2026 8:25 PM

views 24

উদ্যোগ মন্ত্রী পীযূষ গোৱেল আৰু আমেৰিকাৰ বাণিজ্য প্রতিনিধিৰ ধাৰাবাহিক বৈঠক সমাপ্ত

কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেল আৰু আমেৰিকাৰ বাণিজ্য প্রতিনিধি ৰাষ্ট্রদূত জেমিচন গ্ৰীৰ আৰু তেওঁৰ প্ৰতিনিধি দলৰ সৈতে চলি থকা ধাৰাবাহিক বৈঠকৰ আজি সামৰণি পৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীগোবেলে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দুয়ো দেশৰ বাণিজ্যিক আৰু অর্থনৈতিক সহযোগিতা আগবঢ়াই নিয়াৰ বাবে দুয়ো দেশৰ প্ৰতিনিধিসকলৰ শলাগ লয়।