সত্ৰপীঠ মাজুলীৰ শ্ৰীশ্ৰী আদি বিহিমপুৰ সত্ৰৰ শংকৰ-মাধৱ মিলন ক্ষেত্ৰত আজিৰে পৰা ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত আজি এহেজাৰ এগৰাকী শিল্পীয়ে সমস্বৰে বৰগীত পৰিৱেশন কৰে। মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত আৰু মাজুলীবাসীৰ সহযোগত প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত এই ভাওনা সমাৰোহত বিশিষ্ট কণ্ঠশিল্পী বিদ্যা সাগৰে বৰগীতৰ কাৰ্যসূচী উদ্বোধন কৰে। সমাৰোহত ৰাজ্যৰ বিভিন্ন জিলাৰ শিল্পী দলে ২০ খনকৈ ভাওনা প্ৰদৰ্শন কৰিব। তদুপৰি উদ্বোধনী আৰু সামৰণিৰ দিনা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ দুখনকৈ অংকীয়া নাট প্রদর্শন কৰা হ’ব।
Assamese | December 14, 2025 8:11 PM | Majuli Bhaona Samaroh
সত্ৰপীঠ মাজুলীত ২০২৫ বৰ্ষৰ অসম শিশু ভাওনা সমাৰোহ অনুষ্ঠিত