আঞ্চলিক সংবাদ

December 25, 2025 10:42 AM

views 64

অসমকে ধৰি উত্তৰ-পূবৰ ছখন ৰাজ্যলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত ৬৬০ কোটি টকা আবণ্টন

কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ-পূবৰ ছখন ৰাজ্যলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্যৰ বাবে অতিৰিক্ত ৬৬০ কোটি টকাৰ আবণ্টন দিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত এই ৰাজ্যসমূহৰ লোকনির্মাণ, পথ নির্মাণ বিভাগ আদিৰ দ্বাৰা ৰূপায়িত এই প্রকল্পসমূহৰ বাবে এই ধনৰাশি মুকলি কৰা হৈছে। ইয়াৰ ফলত এই কাৰ্যৰ বাবে আবণ্টিত মুঠ ধনৰ প...

December 25, 2025 10:36 AM

views 51

আজি পবিত্ৰ বৰদিন, ৰাজ্যপাল, মুখ্যমন্ত্রীকে ধৰি বিভিন্নজনৰ বৰদিন উপলক্ষে খ্রীষ্টধর্মী লোকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন

আজি পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্রীষ্টধর্মী লোকসকলে কালি মাজনিশাৰে পৰা পৱিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গীর্জাসমূহ বৰদিন উপলক্ষে আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। যোৱানিশাৰে পৰা গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপ্তিষ্ট চার্চ, পাণবজাৰৰ ডনবস্ক', খ্ৰীষ...

December 24, 2025 8:19 PM

views 22

কাইলৈ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰলৈ শ্ৰোতা প্ৰেৰণা বঁটা ২০২৫ প্ৰদান

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্ৰোতা সংঘ মাজুলীৰ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্ৰোতা প্ৰেৰণা বঁটা ২০২৫ কাইলৈ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰক প্ৰদান কৰা হ'ব। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্ৰ...

December 24, 2025 8:16 PM

views 39

শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা, ২০২৫ প্ৰদান অনুষ্ঠান

গুৱাহাটীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সূৰ্যৰ উদ্যোগত আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত আজি বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা, ২০২৫ প্ৰদান কৰা হয়। বিয়লি চাৰে পাঁচ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তৰুণ চলচ্চিত...

December 24, 2025 8:14 PM

views 38

কাইলৈ পৱিত্ৰ বৰদিনৰ প্ৰাকক্ষণত ৰাজ্যৰ খ্ৰীষ্টধর্মী লোকসকলৰ উছাহ

কাইলৈ পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধর্মী লোকসকলে আজি মাজনিশাৰে পৰা পৱিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰিব। বিভিন্ন প্ৰান্তৰ গীৰ্জাসমূহ ইযাৰ বাবে সজাই-পৰাই তোলা হৈছে। আজি নিশা গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপ্তিষ্ট চার্চ, পাণবজাৰৰ ডনবস্ক', খ্ৰীষ্টানবস্তি, সোণাইঘূলিকে...

December 24, 2025 8:10 PM

views 42

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আজিৰে পৰা অসম গ্ৰন্থমেলা

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত আজিৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্রন্থমেলা অনুষ্ঠিত হৈছে। গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভা...

December 24, 2025 8:07 PM

views 18

নাহৰকটীয়াত আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ

ৰাজ্যত আত্মসহায়ক গোটৰ মুঠ ৪০ লাখ সদস্যাৰ ভিতৰত ৩২ লাখ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ বাবে বাচনি কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। নাহৰকটীয়া বিধানসভা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুঠ ২০ হাজাৰ ১১৫ গৰাকী মহিলাক ১০ হাজাৰ টকাকৈ চেক প্রদান কৰি মুখ্যমন্ত্ৰী...

December 24, 2025 8:03 PM

views 33

কাৰিকৰী আৰু অ-কাৰিকৰী পদৰ বাবে ২১৫ গৰাকী চাহ জনগোষ্ঠীৰ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অ-কাৰিকৰী পদত বাছনি লাভ কৰা ২১৫ গৰাকী চাহ জনগোষ্ঠীৰ প্রার্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে এই নিযুক্তি পত্র প্রদান কৰে। চিকিৎসা, শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ৰ ...

December 24, 2025 7:58 PM

views 40

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে। আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে কাৰ্বি আংলঙত বাহৰ পাতি আইন শৃংখলা পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। বিগত দুদিনত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত শ্রীসিঙে কয়, যে এনেধৰণৰ অপ্রীতিকৰ ঘটনাৰ পৰা কোনো সমস্যাৰ সমাধান নোলায়। তেওঁ জ...

December 23, 2025 10:02 PM

views 39

লাহোৱালত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত উদ্যমী মহিলাসকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। চাবুৱা সমষ্টিৰ দিনজয় চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এখন সভাত সমষ্টিটোৰ ২১ হাজাৰ ১৯৮ গৰাকী মহিলাক আঁচনিখনৰ অধীন...