শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত উজনি অসমৰ ৪ খন জিলাত ক্ষয়-ক্ষতিৰ জৰীপ আৰম্ভ

শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত উজনি অসমৰ ৪ খন জিলাত আজিৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হৈছে। প্রথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সু-সংগঠিত আৰু নিখুঁট কৰাৰ বাবে ইতিমধ্যে চাৰিওখন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্র বিষয়াসকলক প্রয়োজনীয় প্রশিক্ষণ প্ৰদান কৰা হৈছে।
যোৰহাট জিলাত বানত হোৱা ক্ষয়-ক্ষতিৰ দ্রুত সমীক্ষা আৰু দুর্যোগ-উত্তৰ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা অত্যাধুনিক মোবাইল এপ্লিকেচনৰ ব্যৱহাৰ সম্পৰ্কে শিক্ষক-শিক্ষয়িত্ৰীসকলক অভিযান্ত্রিক মহাবিদ্যালয়ৰ চৌহদত কালি প্রশিক্ষণ প্রদান কৰা হয়। প্রশিক্ষণ কাৰ্যসূচীত বিধায়ক ৰূপজ্যোতি কুর্মী, বিকাশ শইকীয়াকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। একেদৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্রী বিমল বৰাই জৰীপ কাৰ্যসূচী সন্দৰ্ভত কালি জিলাখনৰ আয়ুক্ত কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰে।
বানক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত বান পৰৱৰ্তী পলস, গেদ-মাটি আৰু আৱৰ্জনা নিষ্কাষণৰ কাম অব্যাহত আছে। জলসম্পদ বিভাগে অ এন জি চিৰ সহযোগত বৃহৎ পাইপেৰে বানত বেয়াকৈ ক্ষতিগ্রস্ত শিৱসাগৰৰ বিভিন্ন অঞ্চলত আৱন্ধ পানী উলিওৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি জিলাখনৰ বন্ধ হৈ পৰা নলা-নর্দমাসমূহ পৰিষ্কাৰ কৰা হৈছে।
জিলাখনৰ ঐতিহাসিক বেতবাৰী বৰপাত্ৰ দৌল চৌহদত কালি সদৌ অসম গৰীয়া জনগোষ্ঠী সমাজৰ সদস্যসকলে স্থানীয় ৰাইজৰ সৈতে লগ লাগি ঐতিহাসিক মঠ-মন্দিৰ, দেৱালয়, বিদ্যালয় আৰু নামঘৰসমূহ পৰিষ্কাৰ কৰে।