August 9, 2026 11:51 AM

views 7

শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত উজনি অসমৰ ৪ খন জিলাত ক্ষয়-ক্ষতিৰ জৰীপ আৰম্ভ

শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত উজনি অসমৰ ৪ খন জিলাত আজিৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হৈছে। প্রথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব। এই জৰীপ প্ৰক্ৰিয়াক অধিক সু-সংগঠিত আৰু নিখুঁট কৰাৰ বাবে ইতিমধ্যে চাৰিওখন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্র বিষয়াসকলক প্রয়োজনীয় প্রশিক্ষণ প্ৰদান কৰা হৈছে। যোৰহাট জিলাত বানত হোৱা ক্ষয়-ক্ষতিৰ দ্রুত সমীক্ষা আৰু দুর্যোগ-উত্তৰ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা অত্যাধুনিক মোবাইল এপ্লিকেচনৰ ব্যৱহাৰ সম্পৰ্কে শিক্ষক-শিক্ষয়িত্ৰীসকলক অভিযান্ত্রিক মহাবিদ্যালয়ৰ চৌহদত কালি প্রশিক্ষ...