গুৱাহাটীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সূৰ্যৰ উদ্যোগত আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত আজি বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা, ২০২৫ প্ৰদান কৰা হয়। বিয়লি চাৰে পাঁচ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তৰুণ চলচ্চিত্র নির্মাতা শশাংক সমীৰক এই বঁটা প্ৰদান কৰা হয়। একেদৰে নৱাগত চলচ্চিত্ৰ নিৰ্মাতা শিল্পীকা বৰদলৈক শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা আগবঢ়োৱা হয়। এই অনুষ্ঠানত বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়া আৰু অভিনেতা, পৰিচালক সাত্যকী ডিকম ভূঞা উপস্থিত থাকে। বঁটা প্ৰদানৰ পাছত শিল্পীকা বৰদলৈ পৰিচালিত তথ্যচিত্ৰ ‘মাও দা স্পিৰিট ড্রীম্ছ অব্ চেৰাও’ প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে ‘দা গাৰ্ল হু ৰোড এ বাইচাইকেল’ শীর্ষক এখন চুটি নাটো পৰিৱেশন কৰা হয় ৷
Assamese | December 24, 2025 8:16 PM | Award
শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা, ২০২৫ প্ৰদান অনুষ্ঠান