ৰাজ্যত আত্মসহায়ক গোটৰ মুঠ ৪০ লাখ সদস্যাৰ ভিতৰত ৩২ লাখ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ বাবে বাচনি কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। নাহৰকটীয়া বিধানসভা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুঠ ২০ হাজাৰ ১১৫ গৰাকী মহিলাক ১০ হাজাৰ টকাকৈ চেক প্রদান কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে পহিলা জানুৱাৰীত ৰাজ্যৰ মহিলাসকলে নতুন উপহাৰ লাভ কৰিব। অনুষ্ঠানত স্থানীয় বিধায়ক তৰংগ গগৈ, কেবিনেট মন্ত্রী যোগেন মহন, প্রশান্ত ফুকনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | December 24, 2025 8:07 PM | Assam CM Cheque Distribution
নাহৰকটীয়াত আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ