আঞ্চলিক সংবাদ

December 27, 2025 12:41 PM

views 231

বিশেষ সংশোধনী ২০২৬ৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ

বিশেষ সংশোধনী ২০২৬ৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হ'ব। অসমৰ মুখ্য নির্বাচনী বিষয়াই জানিবলৈ দিয়া অনুসৰি আজি প্ৰকাশ পোৱা এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত দাবী আৰু আপত্তিসমূহ দাখিল কৰিব পাৰিব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই দাবী আৰু আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান...

December 27, 2025 12:39 PM

views 46

পশ্চিম কাৰ্বি আংলঙত আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ১০ লাখ টকাৰ ক্ষতিপূৰণৰ সিদ্ধান্ত

পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া বিক্ষিপ্ত ঘটনাত আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। ইয়াৰ লগতে ব্যক্তিগৰাকীৰ পৰিয়ালৰ এজন লোকক পৰিষদে চাকৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰা হৈছে। কালি ...

December 26, 2025 9:12 PM

views 33

শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যেৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আজি ন-হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক জিতেন হাজৰিকা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক মানৱেন্দ্ৰ দত...

December 26, 2025 8:41 PM

views 41

গৃহমন্ত্রী অমিত শ্বাহৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত ৰাভা, মিছিং আৰু তিৱা জনগোষ্ঠীৰ প্ৰতিনিধি গোটৰ সৈতে বৈঠকত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত আজি অসমৰ ৰাভা, মিছিং আৰু তিৱা জনগোষ্ঠীৰ এটা প্ৰতিনিধি গোটৰ সৈতে বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিৰ দাবীসমূহ শুনাৰ লগতে প্ৰকৃত সমস্যাসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে। এই বৈঠকতে গৃহমন্ত্ৰ...

December 26, 2025 8:38 PM

views 57

পশ্চিম কাৰ্বি আংলংৰ খেৰণিত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জৰুৰী বৈঠক অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলংৰ খেৰণিত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকত কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে ভাগ লয়। বৈঠকখনত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাস...

December 26, 2025 8:34 PM

views 51

শিৱসাগৰৰ খেমকা মাতৃ সদনত বিনামূলীয়া বহুমূত্ৰ পৰীক্ষা শিৱিৰৰ আয়োজন

৯১ সংখ্যক মাৰোৱাৰী সন্মিলনৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰৰ খেমকা মাতৃ সদনত এক বিনামূলীয়া বহুমূত্ৰ পৰীক্ষা শিৱিৰৰ আয়োজন কৰা হয়। মাৰোৱাৰী সন্মিলনৰ উদ্যোগত তথা কেডিয়া মেডিকেলৰ সহযোগত অনুষ্ঠিত এই শিৱিৰত স্থানীয় বহু বহুমূত্ৰ ৰোগীয়ে স্বাস্থ্য পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰে। এই অনুষ্ঠানত কেই...

December 26, 2025 8:32 PM

views 35

আজি নিশা ৯ বাজি ১৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠানত পুনৰ প্ৰচাৰ কৰা হ’ব

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰ হোৱা মাজুলী জিলাৰ মীন বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি সন্দৰ্ভত জিলাখনৰ মীন বিষয়া ভদ্ৰেশ্বৰ মিলিৰ সৈতে হোৱা এটি সাক্ষাৎকাৰটো নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্...

December 26, 2025 8:23 PM

views 38

ধেমাজি জিলাৰ গোগামুখৰ বিশিষ্ট সাংবাদিক, লেখক তথা সমাজকর্মী অতুল বৰাৰ মৃত্যু

ধেমাজি জিলাৰ গোগামুখৰ বিশিষ্ট সাংবাদিক, লেখক তথা সমাজকর্মী অতুল বৰাৰ আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। আমাৰ অসম, দৈনিক জনমভূমি, অসমীয়া প্রতিদিনকে ধৰি বিভিন্ন কাকতত ঘিলামৰাৰ সাংবাদিক হিচাপে তেওঁ সেৱা আগবঢ়া আহিছিল। তেওঁৰ মৃত্যুত ধেমাজি জিলা সা...

December 26, 2025 8:20 PM

views 50

উত্তৰ পশ্চিম যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ সমীপৰ পুখুৰীত এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

উত্তৰ পশ্চিম যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ সমীপৰ এটা পুখুৰীত কালি এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। মৃত লোকজনক মালোপথাৰৰ ৰান্ধনীজান গাঁৱৰ প্ৰসেনজিৎ‍ শ‍ইকীয়া বুলি চিনাক্ত কৰা হৈছে। ২২ ডিচেম্বৰৰ দুপৰীয়াৰ পৰা লোকজন সন্ধানহীন হৈ আছিল। তেওঁ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প...

December 26, 2025 6:42 PM

views 46

অন্ধ্ৰ প্ৰদেশত আজি পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৭জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ৫ জন লোক আহত

অন্ধ্ৰ প্ৰদেশত আজি নিচেই পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৭জন লোকে প্ৰাণ হেৰুৱায় আৰু ৫ জন লোক আহত হয়। গুন্টুৰ জিলাত এখন ব্যক্তিগত বাছে এখন চাৰিচকীয়া বাহনত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত তিনিজন লোক নিহত হয় আৰু তিনিজন লোক আহত হয়। ৰাজ্যখনৰ নানদয়াল জিলাত এটা পথ দুৰ্ঘটনাত চাৰিজন লোকে প্ৰাণ হেৰুৱায়। এখন দ্র...