বিশেষ সংশোধনী ২০২৬ৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হ’ব। অসমৰ মুখ্য নির্বাচনী বিষয়াই জানিবলৈ দিয়া অনুসৰি আজি প্ৰকাশ পোৱা এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত দাবী আৰু আপত্তিসমূহ দাখিল কৰিব পাৰিব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই দাবী আৰু আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিছে।
Assamese | December 27, 2025 12:41 PM | Voter List
বিশেষ সংশোধনী ২০২৬ৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ