December 27, 2025 12:41 PM

views 238

বিশেষ সংশোধনী ২০২৬ৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ

বিশেষ সংশোধনী ২০২৬ৰ খচৰা ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হ'ব। অসমৰ মুখ্য নির্বাচনী বিষয়াই জানিবলৈ দিয়া অনুসৰি আজি প্ৰকাশ পোৱা এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত দাবী আৰু আপত্তিসমূহ দাখিল কৰিব পাৰিব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই দাবী আৰু আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব বুলি মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

November 27, 2025 8:05 PM

views 62

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰক্ৰিয়াৰ কাম অব্যাহত

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰক্ৰিয়াৰ কাম অব্যাহত আছে। বুথ পৰ্যায়ৰ বিষয়াসকলে ইতিমধ্যে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিছে। ২০ ডিচেম্বৰলৈকে ভোটাৰৰ তথ্য সংগ্ৰহ কৰা হ'ব। ২০২৬ চনৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰা হ'ব। চৰাইদেউ জিলাৰ সোণাৰী আৰু মাহমৰা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্রক্রিয়া সুচাৰুৰূপে চলাই নিয়াৰ বাবে জিলা প্রশাসনে প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰিছে। বুথ পৰ্যায়ৰ বিষয়াসকলে ভোটাৰ তালিকাৰ সোৱাহ দূৰীকৰণৰ বাবে ...