আঞ্চলিক সংবাদ

January 3, 2026 6:59 PM

views 68

এখন শক্তিশালী পাঠক সমাজে জাতিটোক শক্তিশালী কৰে আৰু গ্ৰন্থমেলা হৈছে এনে পাঠক সমাজ গঢ়ি তোলাৰ মহৎ পদক্ষেপঃ সৰ্বানন্দ সোণোৱাল

এখন শক্তিশালী পাঠক সমাজে জাতিটোক শক্তিশালী কৰে আৰু গ্ৰন্থমেলা হৈছে এনে পাঠক সমাজ গঢ়ি তোলাৰ মহৎ পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ বাকৰিত কালি গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰি শ্ৰীসোণোৱালে ...

January 3, 2026 6:55 PM

views 51

ধেমাজিত ভাৰতীয় জনতা পাৰ্টিৰ তথ্যপ্রযুক্তি আৰু সামাজিক মাধ্যমৰ উপ সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকত শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ অংশগ্ৰহণ

শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত ভাৰতীয় জনতা পাৰ্টিৰ তথ্যপ্রযুক্তি আৰু সামাজিক মাধ্যমৰ উপ সমিতিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত চৰকাৰৰ জনকল্যাণমূলক আঁচনি আৰু উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত জনসজাগতা সৃষ্টিৰ ক্ষেত্ৰত তথ্যপ্রযুক্তি আৰু সামাজিক মাধ্যমৰ ভূমিকা সন্দৰ্ভত পর্...

January 3, 2026 6:52 PM

views 54

নির্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি বজালী জিলাৰ দুটা বিধানসভা সমষ্টিত বিশেষ গাঁওসভা আৰু ৱাৰ্ড কমিটীৰ বৈঠক অনুষ্ঠিত

নির্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি বজালী জিলাৰ দুটা বিধানসভা সমষ্টিত আজি বিশেষ গাঁওসভা আৰু ৱাৰ্ড কমিটীৰ বৈঠক অনুষ্ঠিত হ'ব। ২১ নম্বৰ ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টি আৰু ২৬ নম্বৰ বজালী বিধানসভা সমষ্টিত এই বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত নাগৰিকসকলে ভোটাৰ তালিকাত নিজৰ নাম, তথ্য পৰীক্ষা কৰাৰ লগতে কর্তন, অন্তর্ভুক...

January 3, 2026 6:49 PM

views 51

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ আজি দ্বিতীয় দিনাও অব্যাহত আছে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা ১,২৫০ টা পৰিয়ালৰ ভিতৰত ১,০৯৮টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ...

January 3, 2026 6:47 PM

views 62

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জনৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জনৰ বিৰুদ্ধে আজি কিছুসময়ৰ পাছতে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ কৰা হ'ব। এই শুনানিত সিদ্ধার্থ শৰ্মা, শ্যামকানু মহন্তসহ আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ কোনটো ধাৰাত বিচাৰ চলিব সেয়া নিশ্চিত কৰাৰ সম্ভাৱনা আছে। অ...

January 3, 2026 6:42 PM

views 30

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্রত্যাখ্যান কৰিছে

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্রত্যাখ্যান কৰিছে। উল্লেখযোগ্য যে মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদনৰ পাছতে জনজাতি সংগঠনসমূহে প্রতিবেদনখন পুংখানুপুংখভাৱে অধ্যয়ন কৰি সিদ্ধান্ত ল'বলৈ এমাহ সময় বিচাৰিছিল। সমন্বয়ৰ...

January 3, 2026 6:39 PM

views 71

অসম চৰকাৰে শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ ৯১খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ক একত্ৰিকৰণৰ নিৰ্দেশ দিছে

অসম চৰকাৰে শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ ৯১খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ক একত্ৰিকৰণৰ নিৰ্দেশ দিছে। অতিৰিক্ত বিত্তীয় বুজা নোহোৱাকৈ প্ৰয়োজনীয় ব্যৱস্থাৰ যুক্তিসংগত ব্যৱহাৰেৰে প্ৰাথমিক শিক্ষাক উন্নতমানৰ কৰাৰ লক্ষ্যৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্...

January 3, 2026 6:23 PM

views 65

১৭ জানুৱাৰীত গুৱাহাটীত প্ৰায় ১০হাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত বাগৰুম্বা প্ৰদৰ্শন কৰিব

বিহু আৰু ঝুমুৰৰ পাছত অহা ১৭ জানুৱাৰীত গুৱাহাটীত প্ৰায় ১০হাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বাগৰুম্বা প্ৰদৰ্শন কৰিব। অসমৰ অন্যতম প্রধান জনগোষ্ঠী বড়োসকলৰ লোকনৃত্য বাগৰুম্বাক বিশ্বৰ প্ৰেক্ষাপটলৈ নিয়াৰ লক্ষ্যৰে অসম চৰকাৰে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত এই অভিলাষী আয়োজন কৰিছে। অসমৰ ...

January 3, 2026 1:55 PM

views 33

হোজাইৰ যমুনা-মৌদংগাত প্ৰায় ৬০০০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ দ্বিতীয় দিনাও অব্যাহত

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ আজি দ্বিতীয় দিনাও অব্যাহত আছে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা এহেজাৰ ২৫০ টা পৰিয়ালৰ ভিতৰত এহেজাৰ ৯৮টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অ...

January 3, 2026 1:53 PM

views 25

মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্রতিবেদন জনজাতি সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ প্রত্যাখ্যান

ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্রতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্রত্যাখ্যান কৰিছে। উল্লেখযোগ্য যে মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদনৰ পাছতে জনজাতি সংগঠনসমূহে প্রতিবেদনখন পুংখানুপুংখভাবে অধ্যয়ন কৰি সিদ্ধান্ত ল'বলৈ এমাহ সময় বিচাৰিছিল। সমন্বয়ৰক্ষী স...