বানৰ পাছত হ’ব পৰা বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ পর্যালোচনা সভা

বানৰ পাছত হ’ব পৰা বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে সমন্বিতভাৱে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত কালি জনতা ভৱনত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বান পৰিস্থিতি আৰু জনস্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰা হয়।
সভাত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পাল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পৰিচালন সঞ্চালক ডাঃ লক্ষ্মণন এছ আৰু জল জীৱন মিছনৰ পৰিচালন সঞ্চালক কৈলাশ কার্তিক উপস্থিত থাকে। তদুপৰি চৰাইদেউ আৰু শিৱসাগৰ জিলা প্রশাসন, স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলে ভিডিঅ’ কনফাৰেন্সি ব্যৱস্থাত অংশগ্ৰহণ কৰে।
বানৰ পাছত খোৱাপানীৰ উৎসসমূহ দূষিত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বিশুদ্ধ খোৱাপানী যোগান আৰু পানীৰ গুণাগুন পৰীক্ষাৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰা হয়। বান ক্ষতিগ্রস্ত অঞ্চলত যোগান ধৰা পানী যাতে সম্পূৰ্ণৰূপে নিৰাপদ আৰু সেৱণৰ উপযোগী হয়, সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক সতর্কতাৰে কাম কৰিবলৈ নির্দেশ দিয়া হয়। বিশেষকৈ পানীৰ নমুনা সংগ্ৰহ কৰি ইয়াৰ গুণাগুণ পৰীক্ষা কৰাৰ লগতে কোনো পানীৰ উৎস সেৱনৰ অনুপযোগী হ’লে সেয়া ব্যৱহাৰ নকৰিবলৈ তাৎক্ষণিকভাৱে জনসাধাৰণক সজাগ কৰাৰ বিষয়েও আলোচনা কৰা হয়।
বানৰ পাছত ডায়েৰিয়া, কলেৰা আৰু অন্যান্য ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জনসচেতনতা সৃষ্টিৰ বিষয়টো সভাত গুৰুত্ব আৰোপ কৰা হয়। তদুপৰি আশাকর্মী, স্বাস্থ্যকর্মী আৰু জলমিত্ৰৰ জৰিয়তে পানী উতলাই বা উপযুক্তভাৱে শোধন কৰি সেৱন কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, খোৱা সামগ্ৰী ঢাকি ৰখা আদি বিভিন্ন বিষয়ত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়।
মন্ত্রী শ্রীসিংহলে বানপীড়িত লোকসকলৰ স্বাস্থ্য সুৰক্ষাক সর্বোচ্চ অগ্রাধিকাৰ দি স্বাস্থ্য আৰু জনস্বাস্থ্য কাৰকৰী বিভাগে সহযোগিতাৰে কাম কৰি যাব বুলি উল্লেখ কৰে।