নির্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি বজালী জিলাৰ দুটা বিধানসভা সমষ্টিত আজি বিশেষ গাঁওসভা আৰু ৱাৰ্ড কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব। ২১ নম্বৰ ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টি আৰু ২৬ নম্বৰ বজালী বিধানসভা সমষ্টিত এই বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত নাগৰিকসকলে ভোটাৰ তালিকাত নিজৰ নাম, তথ্য পৰীক্ষা কৰাৰ লগতে কর্তন, অন্তর্ভুক্তি, স্থানান্তৰ বা সংশোধনৰ প্ৰয়োজন হ’লে অনলাইন আবেদন কৰিব পাৰিব। এই সন্দৰ্ভত যিকোনো সহায়ৰ বাবে স্থানীয় বি এল অ’ৰ সৈতে যোগাযোগ কৰাৰ লগতে voters.eci.gov.in অথবা ceoassam.nic.in ত Log in কৰিবলৈ বজালী জিলা নির্বাচনী বিষয়াই জিলাখনৰ ভোটদাতাসকলক আহ্বান জনাইছে।
Assamese | January 3, 2026 6:52 PM | Aakashbani | Akashvani | Akashvani News
নির্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি বজালী জিলাৰ দুটা বিধানসভা সমষ্টিত বিশেষ গাঁওসভা আৰু ৱাৰ্ড কমিটীৰ বৈঠক অনুষ্ঠিত