ৰাষ্ট্ৰীয়

August 4, 2025 12:48 PM

views 32

২০২৬ৰ বিধানসভা নিৰ্বাচনত জনসাধাৰণে কংগ্ৰেছ দলটো পুনৰ শাসনলৈ অহালৈ বাট চাইছে বুলি গৌৰৱ গগৈৰ মন্তব্য

বিজেপি চৰকাৰে বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ হকে কাম কৰে বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ জনসাধাৰণে ২০২৬ৰ বিধানসভা নিৰ্বাচনত পুনৰ পুৰণি দলটো শাসনলৈ অহালৈ বাট চাইছে বুলি মন্তব্য কৰে। গুৱাহাটীত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সাংবাদিকৰ সৈতে হো...

August 4, 2025 12:24 PM

views 51

ধন দাবী আৰু গ্ৰহনৰ অভিযোগত মুম্বাইত এগৰাকী শুল্ক অধীক্ষকক গ্ৰেপ্তাৰ চি বি আইৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা -CBI এ কালি ধন দাবী আৰু গ্ৰহনৰ অভিযোগত মুম্বাইৰ চাহাৰৰ এয়াৰ কার্গো চৌহদৰ পৰা এগৰাকী শুল্ক অধীক্ষকক গ্ৰেপ্তাৰ কৰে। ধৃত অধীক্ষকগৰাকীয়ে আমদানীকৃত চালানসমূহৰ ক্লীয়াৰেঞ্চ দিয়াৰ বাবদ কাষ্টম হাউচ এজেণ্টৰ পৰা ধন ১০লাখ ২০ হাজাৰ টকাৰ উৎকোচ দাবী আৰু গ্ৰহন কৰিছিল।

August 4, 2025 12:20 PM

views 39

আজিৰে পৰা ৰেপ’ হাৰ কর্তন সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তিনিদিনীয়া বৈঠক

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্রানীতি সমিতিৰ ৰেপ' হাৰ কর্তন সন্দৰ্ভত তিনিদিনীয়া বৈঠকৰ আজি আৰম্ভ হ'ব। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত অনুষ্ঠিত সমিতিৰ বৈঠকৰ সিদ্ধান্তসমূহ বুধবাৰে ঘোষণা কৰা হ'ব। ষ্টেট বেংকৰ প্ৰতিবেদন অনুসৰি, ৰিজাৰ্ভ বেংকৰ মুদ্রানীতি সমিতিয়ে দিপাৱলীৰ পূৰ্বে ঋণ বৃদ্ধিৰ উদ্...

August 4, 2025 12:18 PM

views 30

২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ভাৰতৰ স্মাৰ্টফোনৰ ৰপ্তানিৰ সর্বোচ্চ অভিলেখ

ভাৰতৰ স্মাৰ্টফোনৰ ৰপ্তানিয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত সর্বোচ্চ অভিলেখ গঢ়িছে। বিগত বৰ্ষৰ একেই সময়ৰ তুলনাত এই ৰপ্তানি হাৰ ৫৮ শতাংশ বৃদ্ধি হৈ ৭ দশমিক ৭-২ বিলিয়ন ডলাৰ হৈছেগৈ। তথ্য অনুসৰি এপ’ল কোম্পানীয়ে এইক্ষেত্ৰত ৬০০ কোটি ডলাৰৰ আইফোন ৰপ্তানিৰ জৰিয়তে প্রথম স্থানত আছে। উল্লেখযোগ্য যে ভা...

August 4, 2025 12:15 PM

views 55

বালতাল আৰু পেহেলগাম দুয়োটা পথেৰে শ্ৰীঅমৰনাথ যাত্রা বাতিল

জম্মু-কাশ্মীৰৰ বালতাল আৰু পেহেলগাম দুয়োটা পথেৰে শ্ৰীঅমৰনাথ যাত্রা বাতিল কৰা হৈছে। এটা বিবৃতিত কাশ্মীৰৰ বিভাগীয় আয়ুক্ত বিজয় কুমাৰ বিধুৰীয়ে কয়, যে শেহতীয়াকৈ হোৱা প্ৰবল বৰষুণৰ বাবে এই দুয়োটা পথৰ বিস্তৰ ক্ষতি হোৱাত মেৰামতিৰ প্ৰয়োজন হৈ পৰিছে। তেওঁ কয়, যে এই পথছোৱা মেৰামতি কৰি উলিওৱাৰ বাবে একেৰা...

August 4, 2025 12:09 PM

views 40

ভাৰত মণ্ডপমত প্ৰথমবাৰৰ বাবে BIMSTEC পাৰম্পৰিক সংগীত মহোৎসৱৰ আয়োজন

নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰথমবাৰৰ বাবে আজি সন্ধিয়া BIMSTEC পাৰম্পৰিক সংগীত মহোৎসৱৰ আয়োজন কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এই মহোৎসৱ উদ্বোধন কৰিব। ভাৰত, বাংলাদেশ, ভুটান, ম্যানমাৰ, নেপাল, শ্রীলংকা আৰু থাইলেণ্ডৰ শিল্পীসকলে এই সংগীত মহোৎসৱত গীত পৰিৱেশন কৰিব। ভাৰতীয় সাংস্কৃতিক সম্পর...

August 4, 2025 12:05 PM

views 53

পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে ফিলিপিনছৰ ৰাষ্ট্ৰপতি আজি নতুন দিল্লীত উপস্থিত হ’ব

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেণ্ড আৰ মাৰ্কোছ জুনিয়ৰ পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি সন্ধিয়া নতুন দিল্লীত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নী লুইছ আৰানেটা মাৰ্কোছ আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায় প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব। উল্লেখযোগ্য যে ফিলিপিনছৰ ...

August 4, 2025 12:07 PM

views 38

গুজৰাটত দেশৰ প্ৰথমটো সেউজ হাইড্ৰজেন প্রকল্প কাৰ্যকৰী

গুজৰাটৰ কাণ্ডলা বন্দৰত থলুৱাভাৱে নিৰ্মিত দেশৰ প্ৰথমটো সেউজ হাইড্ৰজেন প্রকল্প কাৰ্যকৰী হোৱাৰ লগে লগে বহনক্ষমতাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ব্যৱস্থাৰ প্ৰশংসা কৰিছে। দীনদয়াল বন্দৰ প্ৰাধিকৰণৰ অধীনত নিৰ্মাণ কৰা এই প্ৰকল্পই শূন্য কাৰ্বন নিগমনৰ লক্ষ্য প্রা...

August 3, 2025 8:14 PM

views 31

অন্ধ্ৰপ্ৰদেশৰ বাপাট্‌লা জিলাৰ বাল্লিকুৰাভাৰ গ্ৰেনাইট কুৱেৰীত সংঘটিত দুৰ্ঘটনাত ছজন শ্রমিকৰ মৃত্যু

অন্ধ্ৰপ্ৰদেশৰ বাপাট্‌লা জিলাৰ বাল্লিকুৰাভা অঞ্চলৰ এটা গ্ৰেনাইট কুৱেৰীত আজি সংঘটিত এটা দুৰ্ঘটনাত ছজন শ্রমিক মৃত্যু হোৱাৰ লগতে আন তিনিজন আহত হয়। জানিব পৰা মতে শ্ৰমিকসকলে খনন কাৰ্য চলাই থকাৰ সময়তে তেওঁলোকৰ ওপৰত এটা বৃহৎ গ্রেনাইট শিল বাগৰি পৰাৰ ফলতেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়। আহতসকলক নাৰাচৰাওপেটত থ...

August 3, 2025 8:01 PM

views 39

গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো সেউজ হাইড্রজেন প্রকল্প স্থাপন

গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো সেউজ হাইড্রজেন প্রকল্প স্থাপন কৰা হৈছে। দীনদয়াল কাণ্ডালা বন্দৰৰ কৰ্তৃপক্ষই জনোৱা মতে এই প্রকল্পই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শূন্য কার্বন নির্গমন লক্ষ্য পূৰণত সহায় কৰিব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে বন্দৰ কৰ্তৃপক্ষই গ্ৰহণ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।