নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰথমবাৰৰ বাবে আজি সন্ধিয়া BIMSTEC পাৰম্পৰিক সংগীত মহোৎসৱৰ আয়োজন কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এই মহোৎসৱ উদ্বোধন কৰিব। ভাৰত, বাংলাদেশ, ভুটান, ম্যানমাৰ, নেপাল, শ্রীলংকা আৰু থাইলেণ্ডৰ শিল্পীসকলে এই সংগীত মহোৎসৱত গীত পৰিৱেশন কৰিব। ভাৰতীয় সাংস্কৃতিক সম্পর্ক পৰিষদে আয়োজন কৰা সপ্ত সুৰ : সাতখন ৰাষ্ট্ৰ, এটা ৰাগ শীৰ্ষক এই মহোৎসৱত BIMSTECৰ সাতখন ৰাষ্ট্ৰৰ ভিন ভিন সংগীত পৰম্পৰাক উদযাপন কৰা হ’ব। মহোৎসৱৰ উদ্বোধনী কাৰ্যসূচী BIMSTEC সহযোগিতাৰ গুৰুত্বপূৰ্ণ সাংস্কৃতিক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব। চলিত বৰ্ষৰ এপ্ৰিলত থাইলেণ্ডত অনুষ্ঠিত BIMSTEC সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চিত কৰা আঞ্চলিক সাংস্কৃতিক সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। সকলো দর্শকে এই অনুষ্ঠান বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব।
Assamese | August 4, 2025 12:09 PM | BIMSTEC
ভাৰত মণ্ডপমত প্ৰথমবাৰৰ বাবে BIMSTEC পাৰম্পৰিক সংগীত মহোৎসৱৰ আয়োজন