জম্মু-কাশ্মীৰৰ বালতাল আৰু পেহেলগাম দুয়োটা পথেৰে শ্ৰীঅমৰনাথ যাত্রা বাতিল কৰা হৈছে। এটা বিবৃতিত কাশ্মীৰৰ বিভাগীয় আয়ুক্ত বিজয় কুমাৰ বিধুৰীয়ে কয়, যে শেহতীয়াকৈ হোৱা প্ৰবল বৰষুণৰ বাবে এই দুয়োটা পথৰ বিস্তৰ ক্ষতি হোৱাত মেৰামতিৰ প্ৰয়োজন হৈ পৰিছে। তেওঁ কয়, যে এই পথছোৱা মেৰামতি কৰি উলিওৱাৰ বাবে একেৰাহে শ্ৰমিক আৰু অন্যান্য যন্ত্রপাতি ব্যৱহাৰ কৰা হৈছে যদিও প্রশাসনে যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ সমৰ্থ হোৱা নাই। উল্লেখযোগ্য যে যোৱা ৩ জুলাইত আৰম্ভ হোৱা এই যাত্ৰাত এতিয়ালৈকে ৪ লাখ ১৪ হাজাৰৰো অধিক তীর্থযাত্ৰীয়ে পবিত্র অমৰনাথ গুহা দৰ্শন কৰিছে।
Assamese | August 4, 2025 12:15 PM | Amarnath Yatra
বালতাল আৰু পেহেলগাম দুয়োটা পথেৰে শ্ৰীঅমৰনাথ যাত্রা বাতিল