ৰাষ্ট্ৰীয়

August 10, 2025 7:39 PM

views 31

দেওবাৰে চাইকেল চলোৱা পদক্ষেপে ‘ফিট ইণ্ডিয়া’ আন্দোলনক দেশৰ এটা বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে বুলি  কেন্দ্ৰীয় মন্ত্রী মনসুখ মন্দাভিয়াৰ মন্তব্য

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু যুৱ কল্যাণ মন্ত্রী মনসুখ মন্দাভিয়াই আজি কয় যে দেওবাৰে চাইকেল চলোৱা পদক্ষেপে 'ফিট ইণ্ডিয়া' আন্দোলনক দেশৰ এটা বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা কয়। তেওঁ কয় যে, এতিয়ালৈকে সমগ্...

August 10, 2025 7:33 PM

views 41

সমগ্ৰ ভাৰততে ঘৰে ঘৰে ত্ৰিৰংগা যাত্ৰাত জনসাধাৰণৰ অংশগ্ৰহণক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শলাগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ ভাৰততে ঘৰে ঘৰে ত্ৰিৰংগা যাত্ৰাত জনসাধাৰণৰ অংশগ্ৰহণৰ শলাগ লৈছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোডীয়ে কয়, যে এই যাত্রাই দেশৰ জনসাধাৰণক একত্ৰিত কৰি গভীৰ দেশপ্ৰেমমূলক মনোভাৱ আৰু ৰাষ্ট্ৰীয় পতাকাৰ তেওঁলোকৰ গৌৰৱক প্রতিফলিত কৰিছে। তেওঁ লগতে hargha...

August 10, 2025 7:22 PM

views 48

ভূতপূৰ্ব ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি নিবেদন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ জন্মবার্ষিকী উপলক্ষে নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। দেশৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ জয়ন্তী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

August 10, 2025 7:17 PM

views 35

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নতুন দিল্লীৰ সাংসদসকলৰ বাবে নিৰ্মাণ কৰা ১৮৪ টা আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ বাবা খৰকসিং মাৰ্গত সাংসদসকলৰ বাবে নিৰ্মাণ কৰা ১৮৪ টা আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। উল্লেখযোগ্য যে টাইপ ছেভেন আৰ্হিৰ আৱাসেৰে কেইবামহলীয়া এই অট্টালিকাটো নতুনকৈ নিৰ্মাণ কৰা হৈছে। ভৱন উদ্বোধনৰ এই অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে কাইলৈ এজোপা সেন্দূৰ গছৰ পু...

August 10, 2025 7:12 PM

views 21

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কর্ণাটকৰ কে এছ আৰ ৰে’ল ষ্টেচনত ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কর্ণাটকৰ কে এছ আৰ ৰে'ল ষ্টেচনত ৩ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই ৰে'লগাড়ীকেইখন হল বেংগালুৰু-বেলাগাৱি, মাতা বৈষ্ণোদেৱী কাটৰা –অমৃতচৰ আৰু নাগপুৰ পুণে বন্দে ভাৰত ৰে'লগাড়ী। আজিৰ দিনটোতে প্রধানমন্ত্রীয়ে বোম্মানাহালিৰ সৈতে ইলেকট্রনিক ছিটিক সংযোগ কৰা য...

August 10, 2025 11:24 AM

views 20

কাশ্মীৰলৈ প্ৰথমখন মালবাহী ৰে’লগাড়ীৰ চলাচলক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কাশ্মীৰলৈ প্ৰথমখন মালবাহী ৰে'লগাড়ীৰ চলাচলক প্ৰশংসা কৰিছে। অঞ্চলটোক মালবাহী নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত ই এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ উত্তৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে...

August 10, 2025 11:18 AM

views 30

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে বেংগালুৰুৰ কে. এছ. আৰ. ষ্টেচনৰ পৰা পতাকা জোকাৰি ৩ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই ৰে'লগাড়ী ৩ খন বেংগালুৰুৰ পৰা বেলগাৱী, অমৃতসৰৰ পৰা শ্ৰীমাতা বৈষ্ণ’দেৱী আৰু নাগপুৰৰ অজনিৰ পৰা পুনেৰ মা...

August 10, 2025 11:15 AM

views 20

দেশত সেউজ বিপ্লৱৰ গুৰি ধৰা এম. এছ. স্বামীনাথনৰ অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযায় বুলি প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুৰ প্রকাশ

দেশত সেউজ বিপ্লৱৰ গুৰি ধৰা এম. এছ. স্বামীনাথনৰ অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযায় বুলি প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুই প্রকাশ কৰিছে। নতুন দিল্লীত আয়োজিত এম. এছ. স্বামীনাথন শতবার্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্রীনাইডুৱে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, প্ৰফেচাৰ স্বামীনাথন এ...

August 9, 2025 10:35 PM

views 34

বিশ্ব সংস্কৃত দিৱস উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে। শাওণৰ পৱিত্ৰ পূৰ্ণিমা তিথিত পালন কৰা সংস্কৃত দিৱসৰ লগত সংগতি ৰাখি যোৱা এটা দশকত জনসাধাৰণৰ মাজত সংস্কৃত ভাষাক জনপ্ৰিয় কৰি তুলিবলৈ চৰকাৰে বিভিন্ন কাম হাতত লৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সামাজিক মাধ্যমৰ এট...

August 9, 2025 9:49 PM

views 32

ৰাজ্যজুৰি ভাতৃ-ভগ্নীৰ স্নেহ আৰু বিশ্বাসৰ পৱিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন পালন

ভাতৃ-ভগ্নীৰ মাজৰ স্নেহ আৰু বিশ্বাসৰ পৱিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন আজি দেশজুৰি পালন কৰা হৈছে। এই উপলক্ষে ভগ্নীসকলে পৰম্পৰাগত ৰীতি অনুসৰি ভাতৃৰ হাতত ৰং-বিৰঙী ৰাখী বান্ধি তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। বিনিময়ত ভাতৃসকলেও ভগ্নীসকলৰ সুৰক্ষাৰ পণ লোৱাৰ লগতে স্নেহৰ চিনস্বৰূপে উপহাৰ আগবঢ়ায়...