আমেৰিকাই ইৰাণৰ বিৰুদ্ধে আক্রমণ অব্যাহত ৰাখিছে। এদিন পূর্বে হৰমুজ জলদ্বীপত এখন মালবাহী জাহাজত ইৰাণে ড্ৰ’ন আক্ৰমণ কৰাৰ প্ৰতিশোধত আমেৰিকাৰ প্ৰতিআক্রমণ অব্যাহত আছে। আমেৰিকাৰ চেন্ট্রেল কমাণ্ডে চেণ্টকমে জনোৱা মতে, তেওঁলোকৰ বাহিনীয়ে সমগ্র ইৰাণত ক্ষেপণাস্ত্ৰ আৰু ড্র’নক জৰিয়তে ইৰানৰ উপকূলীয় ৰাডাৰ কেন্দ্ৰসমূহ লক্ষ্য কৰি লৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে হোৱাইট হাউছত সংবাদমেল সম্বোধন কৰাৰ কিছু সময়ৰ পাছতে এই আক্রমণ সংঘটিত হয়। ইফালে, ইৰাণে বহিঃৰাষ্ট্ৰৰ জাহাজসমূহক এই পথ ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়াৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ওমানৰ উপকূলত এখন কপ্টেইনাৰ জাহাজে দূর্ঘটনাগ্রস্ত হোৱা বুলি বৃহস্পতিবাৰে ব্ৰিটিছ সেনাই প্রকাশ কৰে। ইউনাইটেড কিংডমৰ মেৰিটাইম ট্রেড অপাৰেচন চেণ্টাৰে জনোৱা মতে, এই আক্রমণত কোনো লোক হচতাহত হোৱা নাই। ওমানৰ সমীপত বাণিজ্যিক জাহাজখনত আক্রমণৰ পিছতে আবদ্ধ জাহাজসমূহ আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থাই খালী কৰাৰ কাম স্থগিত ৰাখিছে। নিৰাপদে যাত্রা কৰিব নোৱাৰা পর্যন্ত এই প্রক্রিয়া অব্যাহত থাকিব বুলি সংস্থাই জানিবলৈ দিছে।
Assamese | June 27, 2026 11:52 AM | America Attacked Iran
ইৰাণৰ বিৰুদ্ধে আক্রমণ অব্যাহত আমেৰিকাৰ