ৰাষ্ট্ৰীয়

August 11, 2025 9:22 PM

views 24

পুণেত দুৰ্ঘটনাত ৭গৰাকী মহিলাৰ মৃত্যু, ৩১জন আহত; প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, সাহায্য ঘোষণা

পুণেৰ খেড় তালুকা জিলাত আজি এখন ৪ চকীয়া বাহন এশ ফুট গভীৰ খাদত পৰি যোৱাৰ ফলত ৭ গৰাকী মহিলাৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আন ৩১ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়। এই যাত্ৰীসকল পবিত্র শাওণ মাহ উপলক্ষে কুন্দেশ্বৰ মন্দিৰলৈ গৈ আছিল। আহতসকলক এখন ব্যক্তিগত চিকিৎসালয় আৰু চান্দলি গ্ৰাম্য হাস্পতালত ভৰ্তি কৰোৱ...

August 11, 2025 9:20 PM

views 26

গোৱা বিধানসভা সমষ্টিত অনুসূচিত জনজাতিৰ পুনৰ সামঞ্জস্য বিধেয়ক ২০২৫ সংসদত গৃহীত

গোৱা বিধানসভা সমষ্টিত অনুসূচীত জনজাতিৰ পুনৰ সামঞ্জস্য বিধেয়ক ২০২৫ ৰাজ্যসভাই অনুমোদন জনোৱাৰ লগে লগে সংসদে আজি গৃহীত কৰে। লোকসভাই যোৱা সপ্তাহতে এই বিধেয়কখন গৃহীত কৰিছিল। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে অনুসূচীত জনজাতিৰ সদস্যসকলক ফলপ্রসূ গণতান্ত্রিক অংশগ্ৰহণৰ বাবে আসন সংৰক্ষণ কৰা আৰু গোৱা বিধানসভাৰ আসন প...

August 11, 2025 9:18 PM

views 17

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত দেশৰ ৩৫ লাখৰো অধিক কৃষকলৈ ৩,৯০০ কোটি টকা হস্তান্তৰ

প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা দাবীৰ ধন পৰিশোধ হিচাপে দেশৰ ৩৫ লাখৰো অধিক কৃষকলৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে ৩ হাজাৰ ৯০০ কোটি টকা হস্তান্তৰ কৰা হয়। ইয়াৰ ভিতৰত ৰাজস্থানৰ ৯ লাখ ৭০ হাজাৰ কৃষকলৈ এহেজাৰ ৪০০ কোটি টকা হস্তান্তৰ কৰা হয়। ৰাজস্থানৰ ঝুনঝুনত আজি অনুষ্ঠিত এটা কাৰ্যসূচীত...

August 11, 2025 9:16 PM

views 22

মণিপুৰৰ ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট আৰু বিনিয়োজন বিধেয়ক, মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক ২০২৫ত ৰাজ্যসভাৰ অনুমোদন

ৰাজ্যসভাই আজি মণিপুৰৰ ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট আৰু বিনিয়োজন বিধেয়কৰ লগতে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক ২০২৫ত অনুমোদন জনায়। ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গে আজি বিৰোধী সাংসদসকলে সংসদৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ শোভাযাত্ৰা উলিওৱা ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ বিষয়টো উচ্চ ...

August 11, 2025 9:15 PM

views 16

লোকসভাত কৰ আৰোপন সংশোধনী বিধেয়ক ২০২৫ আৰু সংশোধিত আয়কৰ বিধেয়ক ২০২৫ মৌখিক ভোটত গৃহীত

লোকসভাই আজি কৰ আৰোপন সংশোধনী বিধেয়ক ২০২৫ আৰু সংশোধিত আয়কৰ বিধেয়ক ২০২৫ মৌখিক ভোটত গৃহীত কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰু অন্যান্য বিষয় লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিবেশৰ মাজতে বিধেয়ককেইখন সদনত উত্থাপন কৰে। আয়কৰ বিধেয়ক ২০২৫ ৰ মূল উদ্দ...

August 11, 2025 8:39 PM

views 45

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নে’ফিউ ৰিঅ’ৰ সৈতে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ বৈঠক

অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আজি নাগালেণ্ডৰ ডিমাপুৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা নেচনেলিষ্ট ডেম’ক্রেটিক প্ৰগেছিভ পাৰ্টিৰ প্ৰতিষ্ঠাপক নে’ফিউ ৰিঅ'ক সাক্ষাৎ কৰে। সাক্ষাতৰ অন্তত অগপৰ সভাপতি শ্ৰীবৰাই সামাজিক মাধ্যমযোগে কয়, যে ৰিঅ'ৰ মুখ্যমন্ত্ৰিত্বৰ সময়ছোৱাত নাগালেণ্ডৰ সৈত...

August 10, 2025 8:41 PM

views 30

জনসাধাৰণৰ সহযোগিতা আৰু সমৰ্থনৰ জৰিয়তে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰি আছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে দেশৰ জনসাধাৰণৰ সহযোগিতা আৰু সমৰ্থনৰ জৰিয়তে তেওঁৰ চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰি আছে। বেংগালুৰুত আজি নাম্মা মেট্ৰৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰি শ্ৰী মোদীয়ে সংস্কাৰ প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ জৰিয়তে ভাৰতক এখন বিকশিত দেশ হিচাপে ...

August 10, 2025 7:39 PM

views 31

দেওবাৰে চাইকেল চলোৱা পদক্ষেপে ‘ফিট ইণ্ডিয়া’ আন্দোলনক দেশৰ এটা বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে বুলি  কেন্দ্ৰীয় মন্ত্রী মনসুখ মন্দাভিয়াৰ মন্তব্য

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু যুৱ কল্যাণ মন্ত্রী মনসুখ মন্দাভিয়াই আজি কয় যে দেওবাৰে চাইকেল চলোৱা পদক্ষেপে 'ফিট ইণ্ডিয়া' আন্দোলনক দেশৰ এটা বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা কয়। তেওঁ কয় যে, এতিয়ালৈকে সমগ্...

August 10, 2025 7:33 PM

views 41

সমগ্ৰ ভাৰততে ঘৰে ঘৰে ত্ৰিৰংগা যাত্ৰাত জনসাধাৰণৰ অংশগ্ৰহণক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শলাগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ ভাৰততে ঘৰে ঘৰে ত্ৰিৰংগা যাত্ৰাত জনসাধাৰণৰ অংশগ্ৰহণৰ শলাগ লৈছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোডীয়ে কয়, যে এই যাত্রাই দেশৰ জনসাধাৰণক একত্ৰিত কৰি গভীৰ দেশপ্ৰেমমূলক মনোভাৱ আৰু ৰাষ্ট্ৰীয় পতাকাৰ তেওঁলোকৰ গৌৰৱক প্রতিফলিত কৰিছে। তেওঁ লগতে hargha...

August 10, 2025 7:22 PM

views 47

ভূতপূৰ্ব ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ জন্মবার্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি নিবেদন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ জন্মবার্ষিকী উপলক্ষে নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। দেশৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ জয়ন্তী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।