August 10, 2025 11:18 AM | PM Modi Visit Karnatak

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনজোৰা ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে বেংগালুৰুৰ কে. এছ. আৰ. ষ্টেচনৰ পৰা পতাকা জোকাৰি ৩ খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই ৰে’লগাড়ী ৩ খন বেংগালুৰুৰ পৰা বেলগাৱী, অমৃতসৰৰ পৰা শ্ৰীমাতা বৈষ্ণ’দেৱী আৰু নাগপুৰৰ অজনিৰ পৰা পুনেৰ মাজত চলাচল কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু মেট্ৰৰ য়েল্লো লাইনেৰে ৰে’ল চলাচলৰ শুভাৰম্ভ কৰিব আৰু ৰাগিগুড্ডাৰ পৰা ইলেকট্ৰনিক চিটি মেট্র ষ্টেচনলৈ মে’ট্ৰ ৰে’লেৰে যাত্ৰা কৰিব। প্রধানমন্ত্রীয়ে লগতে বেংগালুৰুত ভালেমান নগৰীয়া যোগাযোগ প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব আৰু জনসভাত ভাষণ দিব। শ্রীমোদীয়ে ১৫,৬০০ কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া বেংগালুৰু মেট্ৰ’ প্ৰকল্পৰ তৃতীয় পৰ্যায়ৰ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পৰ মুঠ দৈৰ্ঘ্য ৪৪ কিলোমিটাৰো অধিক হ’ব আৰু এই পথচোৱাত ৩১টা এলিভেটেড ষ্টেচন থাকিব।