মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অর্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্রতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ’ব বুলি আশা প্রকাশ কৰিছে। জাপানৰ প্রধানমন্ত্রী ছানায়ে টাকাইচিৰ অসম ভ্রমণসূচী বাতিল হোৱাৰ পাছত কালি ভাৰতস্থিত জাপানৰ ৰাষ্ট্রদূত কেঈচি অ’নোৰ সৈতে টেলিফোনযোগে কথা বতৰা পতাৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই এইকথা প্রকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত তেওঁ কয়, যে জাপানৰ ৰাষ্টদূতগৰাকীৰ সৈতে হোৱা এই আলোচনাত ইলেকট্রনিকছ, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ, উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্রত উভয় পক্ষই সহমত প্রকাশ কৰে। এই বাৰ্তালাপৰ সময়ত ভাৰতৰ এক্ট-ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে চলি থকা জাপান চৰকাৰৰ অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে দেশখনৰ ৰাষ্ট্রদূতগৰাকীয়ে পুনৰ প্ৰতিশ্রুতি ব্যক্ত কৰে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।
Assamese | June 27, 2026 12:35 PM | Assam CM
জাপানৰ উদ্যোগ তথা প্রতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ’ব : মুখ্যমন্ত্ৰী