কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত দেশৰ প্রথমটো সমবায়ভিত্তিক টেক্সি সেৱা ‘ভাৰত টেক্সি’ মুকলি কৰিব। তিনিদিনীয়া গুজৰাট ভ্ৰমণলৈ যোৱা শ্রী শ্বাহে কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভণি কৰাৰ লগতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেল, উপ-মুখ্যমন্ত্রী হর্ষ সংঘৰী, সমবায় খণ্ডৰ প্ৰতিনিধি আৰু ৪ হাজাৰৰো অধিক টেক্সি চালকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ সময়ত শীর্ষ প্ৰদৰ্শনকাৰী চালকসকলক প্লেটফৰ্ম শ্বেয়াৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এই সেৱাই কেৱল গুজৰাটতে ডেৰ লাখৰো অধিক চালক আৰু সাত লাখ গ্রাহক পঞ্জীয়ন কৰি দৈনিক ৩৫০০ৰো অধিক যাত্রা সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হৈছে। প্রথম অৱস্থাত আহমেদাবাদ, চুৰাট, আৰু বদোদৰাকে ধৰি গুজৰাটৰ ১৪খন ডাঙৰ চহৰত এই সেৱা আৰম্ভ কৰা হ’ব আৰু এমাহৰ ভিতৰত সমগ্ৰ ৰাজ্যখনক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে।
Assamese | June 27, 2026 11:46 AM | Bharat Taxi
দেশৰ প্রথমটো সমবায়ভিত্তিক টেক্সি সেৱা ‘ভাৰত টেক্সি’ মুকলি কৰিব গৃহমন্ত্ৰীয়ে