June 27, 2026 10:26 PM

views 15

দেশৰ ৫০০খন চহৰ-নগৰলৈ শীঘ্ৰে সম্প্ৰসাৰিত হ’ব ভাৰত টেক্সি এপ

দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সি অতি শীঘ্ৰে ৫০০ খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত হ'ব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ভাৰত টেক্সি এপ্লিকেছনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে ভাৰত টেক্সিৰ আৰম্ভণি সমবায় খণ্ডৰ এক বৈপ্লৱিক পদক্ষেপ।  চালকসকলক এই ব্যৱস্থাই পোনপটীয়াকৈ অংশীদাৰ হিচাপে গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে যাত্ৰীসকলক ভাৰত টেক্সিয়ে নায্য আৰু স্বচ্ছ পৰিবহন সেৱা প্ৰদানৰ বাবে সাজু হৈছে। চালকসকলে তেওঁলোকৰ উপাৰ্জনৰ এক বৃহৎ...

June 27, 2026 11:46 AM

views 20

দেশৰ প্রথমটো সমবায়ভিত্তিক টেক্সি সেৱা ‘ভাৰত টেক্সি’ মুকলি কৰিব গৃহমন্ত্ৰীয়ে

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত দেশৰ প্রথমটো সমবায়ভিত্তিক টেক্সি সেৱা 'ভাৰত টেক্সি' মুকলি কৰিব। তিনিদিনীয়া গুজৰাট ভ্ৰমণলৈ যোৱা শ্রী শ্বাহে কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভণি কৰাৰ লগতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেন্দ্র পেটেল, উপ-মুখ্যমন্ত্রী হর্ষ সংঘৰী, সমবায় খণ্ডৰ প্ৰতিনিধি আৰু ৪ হাজাৰৰো অধিক টেক্সি চালকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ সময়ত শীর্ষ প্ৰদৰ্শনকাৰী চালকসকলক ...