দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সি অতি শীঘ্ৰে ৫০০ খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত হ’ব। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ভাৰত টেক্সি এপ্লিকেছনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি এই কথা ঘোষণা কৰে। তেওঁ কয় যে ভাৰত টেক্সিৰ আৰম্ভণি সমবায় খণ্ডৰ এক বৈপ্লৱিক পদক্ষেপ।
চালকসকলক এই ব্যৱস্থাই পোনপটীয়াকৈ অংশীদাৰ হিচাপে গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে যাত্ৰীসকলক ভাৰত টেক্সিয়ে নায্য আৰু স্বচ্ছ পৰিবহন সেৱা প্ৰদানৰ বাবে সাজু হৈছে। চালকসকলে তেওঁলোকৰ উপাৰ্জনৰ এক বৃহৎ অংশ পোনপটীয়াকৈ লাভ কৰাৰ লগতে যাত্ৰীসকল সুৰক্ষিত আৰু সুলভ সেৱাৰ দ্বাৰা উপকৃত হ’ব বুলিও তেওঁ মন্তব্য কৰে।
গৃহমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ এপ ভিত্তিক টেক্সি সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহক সমালোচনা কৰি কয় যে এই প্রতিষ্ঠানসমূহে চালকসকলৰ পৰা উচ্চ হাৰত লাভ্যাংশ সংগ্ৰহ কৰাৰ লগতে ধন পৰিশোধ কৰাৰ ক্ষেত্ৰতো অযথা পলম কৰে আৰু কোনো গ্ৰহণযোগ্য কাৰণ নোহোৱাকৈ একাউণ্টসমূহ বন্ধ কৰি দিয়ে।
আমূল সমবায় আন্দোলনৰ সফলতাৰ উদাহৰণ দি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ভাৰত টেক্সিয়েও সামুহিক মালিকীস্বত্তৰ জৰিয়তে জনসাধাৰণক সৱলিকৰণ কৰি অনাগত দিনত সফলতাৰে আগুৱাই যাবলৈ সক্ষম হব।