ভেনিজুৱেলাত দুটাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৯২০ লৈ বৃদ্ধি পাইছে। ভূমিকম্পত প্রায় ৩ হাজাৰ ৩০০ লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। উদ্ধাৰকাৰীসকলে দেশখনৰ ৰাজধানী চহৰ কাৰাকাছৰ সমীপৰ ভূমিকম্পত ক্ষতিগ্রস্ত স্থানসমূহৰ পৰা আহত লোকসকলৰ জীৱন বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। কাৰাকাছ আৰু ইয়াৰ সমীপৰ উপকূলীয় চহৰ লা গুৱাইবাৰ অট্টালিকাসমূহৰ ধবংসাবশেষৰ মাজৰ পৰা সহায় বিচাৰি মানুহৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে দেশখনত যোৱা বৃহস্পতিবাৰে প্ৰথমে ৭ দশমিক ২ প্রাবল্যৰ ভূমিকম্পৰ মাত্ৰ কেইছেকেণ্ডমানৰ পাছতে ৭ দশমিক ৫ প্রাবল্যৰ আন এটা শক্তিশালী ভূমিকম্পৰ ফলত ভালেসংখ্যক অট্টালিকা ভাঙি পৰাৰ লগতে আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হয়। ইয়াৰ পাছতে দেশখনৰ ৰাষ্ট্ৰপতি ডেলচি ৰ’ড্রিগজে জৰুৰী অৱস্থা ঘোষণা কৰে।
দেশখনৰ এনে দুৰ্যোগৰ সময়ত বিভিন্ন দেশে উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছে। ভাৰতে ভেনিজুৱেলাৰ বিধবংসী ভূমিকম্পৰ পাছত দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টেড মুকলি কৰিছে। ভেনিজুৱেলাৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি আৰু একতাৰ চিন স্বৰূপে আৰম্ভ কৰা অপাৰেচন এমিষ্টেডৰ জৰিয়তে মানৱীয় সাহায্য আৰু দুর্যোগ সাহায্য অভিযান চলোৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্র্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই অভিযানৰ অংশ হিচাপে আজি পুৱা ভাৰতীয় বায়ুসেনাৰ C-17 গ্ল’বমাষ্টাৰ বিমানখনেৰে মানবীয় সাহায্য সামগ্রী আৰু ৪১ জনীয়া এটা উদ্ধাৰকাৰী দল ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে। এই সাহায্যসমূহৰ ভিতৰত এটা ভাৰতীয় চিকিৎসা কার্যবাহিনী, ভাৰতীয় সেনাৰ ফিল্ড হাস্পতাল গোট, ৩০ টন সাহায্য সামগ্রী, ৬ টন ঔষধ আৰু অন্যান্য চিকিৎসা সামগ্রী তথা BHISHM শীর্ষক প্রজেক্ট আৰোগ্য মৈত্ৰীৰ অধীনত ভাৰতে বিকশাই তোলা দুটা থলুৱা প’র্টেবল হাস্পতাল ব্যৱস্থা আছে। আনহাতে ৪১ জনীয়া দলটোত অভিজ্ঞ উদ্ধাৰকাৰী আৰু চিকিৎসক আছে যিসকলে ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে ক্ষতিগ্রস্ত স্থানসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত অংশ ল’ব। বৈদেশিক পৰিক্ৰমা ম্যালয়ে দেশখনৰ দুর্যোগৰ সময়ত ভাৰত তেওঁলোকৰ সৈতে আছে বুলি উল্লেখ কৰিছে।